নিউজ ডেস্কঃ এক নৃশংস হত্যাকাণ্ডই আজি জোকাৰি যায় চৰাইদেউ জিলাৰ সদৰ সোণাৰি নগৰ । নিজ ভাতৃ আৰু ভতিজাই অতি নিৰ্মম ভাবে মৰিয়াই মৰিয়াই হত্যা কৰিলে এগৰাকী গাওঁৰক্ষী বাহিনীৰ সম্পাদকক । ঘটনাৰ বিৱৰণী মতে সোণাৰি নগৰৰ পাৰ্শ্বৱৰ্তী গোৱালাপথাৰ অঞ্চলৰ নিবাসী তথা উক্ত অঞ্চলৰে গাওঁৰক্ষী বাহিনীৰ সম্পাদক চনু ছেত্ৰী (৫৫) য়ে কালি নিশা প্ৰায় ৮ বজাত ঘৰত সমীপতে থকা আত্মীয় এঘৰৰ পৰা ঘৰলৈ খোজকাঢ়ি আহি থকা অৱস্থাত নিজৰ ঘৰ পাবলৈ মাত্ৰ কেইমিটাৰমান বাকী থকা অৱস্থাত পূৰ্বৰে পৰা ৰাস্তাৰ কাষতে খাপ-পিটি লুকাই থকা চনুৰ নিজ ভাতৃ মুক্তি ছেত্ৰী (৩০) আৰু ভতিজাক বুবুল ছেত্ৰী (৩২) য়ে কোনো কথাৰ অৱতাৰণা নহৈ হাতত লৈ থকা লোহৰ ৰড আৰু লাঠীৰে কোবাবলৈ আৰম্ভ কৰে । চনুয়ে সেইসময়ত চিঞৰ-বাখৰ কৰাত ওচৰ পাজৰৰ ৰাইজ দৌৰি গৈ উক্ত স্থানত উপস্থিত হওঁতেই আন্ধাৰৰ সুযোগ লৈ মুক্তি আৰু বুবুলে পলায়ন কৰে ।পাছত স্থানীয় ৰাইজে আক্ৰমণত গুৰুতৰভাবে আহত হোৱা চনুক ততালিকে ৰজাপুখুৰীস্থিত চৰাইদেউ অসামৰিক চিকিৎসালয়লৈ লৈ যায় । ঘটনাটোত মূৰ,পেট,বুকু আৰু ভৰিত গুৰুতৰ ভাবে আঘাত পোৱা চনুক উন্নত চিকিৎসাৰ বাবে নিশাই তাৰ পৰা চিকিৎসকে ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে যদিও আদ বাটতে তেওঁৰ মৃত্যু ঘটে। ইফালে আজি ঘটনাৰ সন্দৰ্ভত চনুৰ পত্নী য়ে স্বামী হত্যাকাৰী মুক্তি আৰু বুবুলৰ বিৰুদ্ধ এজাহাৰ দাখিল কৰিছে। ঘটনা সংগঠিত কৰি ইতিমধ্যে আত্মগোপন কৰা দুয়ো হত্যাকাৰীৰ বিৰুদ্ধ আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে । ইফালে মুক্তি আৰু বুবুলে কিয় নিজ জ্যেষ্ঠ ভাতৃ তথা দদাইদেউক এনেদৰে নিৰ্মমভাৱে হত্যা কৰিলে সেয়া এতিয়াও স্পষ্ট হোৱা নাই যদিও পাৰিবাৰিক কাৰণ হব পাৰে বুলি স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰিছে । ইপিনে পত্নীসহ দুজন পুত্ৰ আৰু এগৰাকী কন্যাক এই সংসাৰত এৰি থৈ যোৱা চনুৰ মৃত্যুত অঞ্চলটোত গভীৰ শোকৰ ছা পৰিছে ।