নিউজ ডেস্কঃ নির্ধাৰিত সময়তে অনুষ্ঠিত হ’ব অসম বিধানসভাৰ নির্বাচন৷ অনাগত বিধানসভাৰ নির্বাচনক লৈ ৰাজ্যৰ ৰাজনৈতিক পৰিস্থিতি লাহে লাহে উত্তপ্ত হৈ পৰাৰ সময়তে এই কথা প্রকাশ কৰিছে খোদ নির্বাচন আয়ুক্ত সুনীল আৰোৰাই৷ ক’ৰোনাকেন্দ্রিক পৰিস্থিতিৰ মাজতো অনাগত দিনত অনুষ্ঠিত হ’বলগীয়া বিধানসভাৰ নির্বাচনসমূহৰ বাবে নির্বাচন আয়োগ সাজু হৈছে বুলি উল্লেখ কৰি নির্বাচন আয়ুক্তজনে প্রকাশ কৰিছে যে সদ্য সমাপ্ত বিহাৰ নির্বাচনক মডেল (আর্হি) হিচাপে লৈ আগন্তুক বিধানসভাৰ নির্বাচনসমূহ অনুষ্ঠিত কৰা হ’ব৷
প্রণিধানযোগ্য যে সাধাৰণতে অসম বিধানসভাৰ নির্বাচনৰ ভোটগ্রহণ ৰঙালী বিহুৰ আগে আগে সম্পূর্ণ হয় যদিও ভোট গণনা বিহুৰ পাছতহে হয়৷ একেদৰে ৰাজ্যত সদায়ে দুটা পর্যায়ত অনুষ্ঠিত হয় নির্বাচন৷ ২০১৬ চনত ৰাজ্যত বিধানসভাৰ নির্বাচনৰ ভোটগ্রহণ ৪ আৰু ১১ এপ্রিলত অনুষ্ঠিত হৈছিল৷ দুটা পর্যায়ত হোৱা ভোটগ্রহণৰ অন্তত ভোট গণনা হৈছিল ১৯ মে’ত আৰু মুখ্যমন্ত্রী হিচাপে বিজেপিৰ সর্বানন্দ সোণোৱালে শপত লৈছিল ২৪ মে’ত৷ একেদৰে ২০১১ চনতো ৰঙালী বিহুৰ আগে আগে ৪ আৰু ১১ এপ্রিলত ভোটগ্রহণ সম্পূর্ণ হৈছিল আৰু ভোট গণনা হৈছিল ১৩ মে’ত৷