আছু কাৰ্যকালৰ শেষৰটো প্ৰতিনিধি সভাত উপস্থিত হৈ আছুৰ সাধাৰণ সম্পাদক লুৰিণ জ্যোতি গগৈয়ে আৱেগিকভৰা মন্তব্য প্ৰকাশ কৰি কয় যে অসমৰ ৰাইজৰ ওপৰত জাপি দিয়া নাগৰিকত্ব আইন বিৰোধী আন্দোলনৰ নেতৃত্ব দিয়া সময়ত যি দৰে সকলোৱেই একত্ৰিত হৈ আন্দোলনখন আগবঢ়াই লৈ যোৱাত যি সহায় সহযোগিতা আগবঢ়ালে তাৰ বাবে তেওঁ চিৰকৃতজ্ঞ।
মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে আছুৰ এই সভাখনক লৈ এক মন্তব্য কৰিছিল যে আছুৰ দুলীয়াজান অধিবেশনৰ প্ৰতিনিধি সভাখনত মাৰ-পিটৰ সৃষ্টি হ’ব। মন্ত্ৰী হিমন্তক আগভেঁটি ধৰি লুৰিণ জ্যোতিয়ে কয় যে “যাৰ মানসিকতা যেনেকুৱা তেনেকুৱা কথাই কয়। কোনো শক্তি-অপশক্তিয়ে আছুৰ স্বাভিমান হানি কৰিব নোৱাৰে। তেওঁ চাগে তেনেকৈয়ে মাৰ-পিট কৰি ছাত্র সন্থা কৰিছিল। বহিষ্কৃত ছাত্র নেতা এজনে আৰু কি কব? ছাত্র সন্থা এটা সুশৃংখল অনুষ্ঠান। তাত মাৰ-পিটৰ নিচিনা উশৃংখল কামৰ কোনো স্থান নাই।
লগতে পৰৱৰ্তী কাৰ্যভাৰ লব লগীয়া বিষয়ববীয়াসকলে অসমৰ জাতীয় জীৱনৰ উন্নতিৰ বাবে কাম কৰি যাব বুলি আশাবাদী লুৰিণজ্যোতি গগৈ ৷