অসম মাধ্যমিক শিক্ষা পৰিষদ (SEBA)ই চাৰি লক্ষাধিক পৰীক্ষাৰ্থীক বিপাঙত পেলাই বিসংগতিপূর্ণ ভুল প্রশ্নৰে গনিতৰ প্ৰশ্নকাকত প্রস্তুত কৰিলে। জীৱনৰ প্ৰথমটো গুৰুত্বপূৰ্ণ পৰীক্ষাৰূপে বিবেচিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ গণিতৰ প্ৰশ্নৰ উত্তৰ কৰিব নোৱাৰি কান্দি কান্দি পৰীক্ষা কেন্দ্ৰৰ পৰা ওলাই আহিবলগীয়া হ’ল ছাত্র-ছাত্রী।
উল্লেখ্য যে, ২৯ ফেব্ৰুৱাৰীত আছিল মেট্ৰিকৰ গণিত পৰীক্ষা। কিন্তু SEBAৰ কাণ্ডত ছাত্র-ছাত্রীৰ সমান্তৰালভাৱে শিক্ষক-অভিভাৱকসকলো ক্ষোভিত হৈ পৰিছে। পাঠ্যক্ৰমৰ বাহিৰৰ তথা ভুল-কঠিন প্রশ্নৰে ভৰি থকা প্রশ্নকাকতখন দেখি অধিকাংশ পৰীক্ষাৰ্থীয়ে বিপাঙত পৰে। আনকি পৰীক্ষাৰ বাবে নহয় বুলি পাঠ্যপুথিত উল্লেখ থকা প্ৰশ্নও আহিল পৰীক্ষাত।
SEBAৰ এনে অবিবেচক কাণ্ডক বিভিন্ন দল সংগঠনে গৰিহণা দিয়াৰ লগতে ছাত্ৰ-ছাত্ৰীক প্ৰাপ্য নম্বৰ দিবলৈ ইতিমধ্যে দাবী কৰিছে।