বিকশিত ভাৰত -২০৪৭ৰ পদক্ষেপত অৰিহণা যোগোৱাৰ উদ্দ্যেশ্য আগত ৰাখি যোৱা ২৮ মাৰ্চত গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰাস্থিত অসম ডনবস্কো বিশ্ববিদ্যালয়ত “সংকটাপন্ন সম্পদৰ ব্যৱহাৰ-২০৪৭ চনৰ ভিতৰত শক্তি স্বতন্ত্ৰতাৰ দিশে ভাৰতৰ যাত্ৰা আৰু ২০৭০ চনৰ ভিতৰত কাৰ্বন নিৰ্গমন শূন্য ৰাষ্ট্ৰ” আৰু “১০০% বর্জ্য পানী পৰিশোধন সাধন কৰা এক সমৃদ্ধিশালী বৃত্তাকাৰ জল অৰ্থনীতিৰ ৰাষ্ট্ৰ হিচাপে ভাৰত” শীৰ্ষক এখন আলোচনা চক্ৰ অনুষ্ঠিত হয়। বিশ্ববিদ্যালয়ৰ অসামৰিক অভিযান্ত্ৰিক বিভাগৰ মুৰব্বী ড০ গিৰিজা টি আৰ আৰু বৈদ্যুতিক আৰু অণুবিদ্যুৎ অভিযান্ত্ৰিক বিভাগৰ মুৰব্বী ড০ বিক্ৰমজিৎ গোস্বামীৰ নেতৃত্বত অনুষ্ঠিত আলোচনা চক্ৰত দুয়োটা বিভাগৰ মুঠ ৩০ জন ছাত্ৰ-ছাত্ৰীৰ নেতৃত্বত অন্তৰ্দৃষ্টিসম্পন্ন উপস্থাপন আৰু আলোচনা অনুষ্ঠিত হয়।
ছাত্ৰ-ছাত্ৰীসকলে বিশ্ববিদ্যালয়খনৰ ১৩ জন অধ্যাপক আৰু ৭৯ জন অভিযান্ত্ৰিক ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিত শক্তি স্বাধীনতা আৰু বহনক্ষম পানী ব্যৱস্থাপনাৰ দিশত ভাৰতৰ পথৰ বিভিন্ন দিশ অন্বেষণ কৰে। নবীকৰণযোগ্য শক্তিৰ ক্ৰমবৰ্ধমান বিপ্লৱ আৰু বর্জ্য পানী পৰিশোধন কৌশলৰ পৰা আৰম্ভ কৰি বিশুদ্ধ শক্তি প্ৰযুক্তি আৰু বৃত্তাকাৰ জল অৰ্থনীতিৰ নীতিৰ সংহতিলৈকে আলোচনা কৰা হয় । অসম ডনবস্কো বিশ্ববিদ্যালয়ৰ প্ৰযুক্তিবিদ্যা বিদ্যালয়ৰ সঞ্চালক অধ্যাপক মনোৰঞ্জন কলিতাই এই জটিল ক্ষেত্ৰসমূহত ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহনৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি ভাষণ প্ৰদান কৰে। অংশগ্ৰহণকাৰীসকলৰ মাজত সমৃদ্ধিশালী আৰু বহনক্ষম ভাৰতৰ দৃষ্টিভংগীক বাস্তৱায়িত কৰাৰ প্ৰতিশ্ৰুতি আৰু এক সংকল্পবদ্ধ উদ্দেশ্যবোধেৰে আলোচনা চক্ৰ খনৰ সামৰণি পৰে ।