ক’ভিডৰ নতুন ঢৌ প্ৰতিৰোধৰ ক্ষেত্ৰত এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে। এইবাৰ বিনামূলীয়া ক’ভিডৰ বুষ্টাৰ ড’জ লাভ কৰিব ১৮ৰ উৰ্ধ্বৰ লোকসকলে। কেন্দ্ৰীয় মন্ত্ৰীসভাত এই সিদ্ধান্ত অনুমোদিত হোৱাৰ কথা সংবাদ মাধ্যমক জনায় কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰে।
১৫ জুলাইৰ পৰা পৰৱৰ্তী ৭৫ দিন পৰ্যন্ত বিনামূলীয়া বুষ্টাৰ ড’জৰ ভেকচিন দিয়াৰ কাৰ্যসূচী চলিব। স্বাধীনতাৰ ৭৫ বছৰ উদযাপন উপলক্ষে এই কাৰ্যসূচী গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে। প্ৰথমে দ্বিতীয় ড’জ আৰু বুষ্টাৰ ড’জৰ মাজত ৯ মাহৰ ব্যৱধান ৰখাৰ কথা কোৱা হৈছিল যদিও বৰ্তমান দ্বিতীয় ড’জ লোৱাৰ ৬ মাহ পিছৰে পৰা বুষ্টাৰ ড’জ ল’ব পাৰিব বুলি কেন্দ্ৰীয় চৰকাৰে জনাইছে।