গুৱাহাটী মহানগৰীৰ দীপৰ বিলৰ পৰা কিছু নিলগৰ মাঘুৱাপাৰাত কালি মাজনিশা বনৰীয়া হাতীৰ আক্ৰমণত এজন লোক নিহত হয়। নিহত লোকজনক অঞ্চলটোৰে বাসিন্দা তথা ক্ষুদ্ৰ ব্যৱসায়ী দ্বিপেন টুমুং (৫০) বুলি চিনাক্ত কৰে হৈছে। প্ৰাপ্ত খবৰ মতে বিগত দহ – বাৰদিনমান ধৰি মাঘুৱাপাৰাকে ধৰি কাষৰীয়া গাৰোঘুলি , পামহী , ধলবামা , মইনাখোৰোং, দেউচোতাল আদি অঞ্চলত গাতে লগা গড়ভঙা আৰু ৰাণী সংৰক্ষিত বনাঞ্চলৰ পৰা নামি অহা কেবাটাও হাতীয়ে খাদ্যৰ সন্ধানত এজনীয়াৰ পৰা আঠ- দহজনীয়া গোট হৈ সন্ধিয়াৰ পাছত পুৱতি নিশা পৰ্যন্ত ঘুৰা – ফুৰা কৰি আহিছিল। সমান্তৰালভাবে লখৰাস্থিত দক্ষিণ গুৱাহাটী আঞ্চলিক বন বিষ়য়া কাৰ্যাল়য় আৰু মইনাখোৰোং খণ্ড বন বিষয়া কাৰ্যাল়য়ৰ বনকৰ্মী আৰু বন সুৰক্ষা বাহিনীৰ জোৱানৰ দলেও হাতীৰ জাকে যাতে জনাঞ্চল বা মানুহৰ ঘৰত সোমাই অনিষ্ট সাধন কৰিব নোৱাৰে তাৰ বাবে তহলৰ ব্যৱস্থা কৰিছিল।
সোমবাৰে নিশা প্ৰায় ১১.৩০ মান বজাত প্ৰায় ১২ জনীয়া হাতীৰ জাক এটাই চাৰিটা ভাগত ভাগ হৈ নিশা ৯ মান বজাৰ পৰা বৃহত্তৰ অঞ্চলটোত বিচৰণ কৰি আছিল। আনকি মইনাখোৰোং খণ্ড বন বিষয়া ত্ৰিনয়ন উপমন্যুৰ নেতৃত্বত অহা এটা বনকৰ্মীৰ দলে হাতীৰ জাকক ছত্ৰভংগ দিয়াবলৈ শূন্যলৈ গুলীচালনাও কৰিছিল। ৰাইজ আৰু বনকৰ্মীৰ দলে হাতী খেদি থকাৰ মাজতে মাঘুৱাপাৰাত পোৱালিসহ এটা সাতজনীয়া হাতীৰ জাক এটাৰ মুখামুখী হয় দ্বীপেন টুমুং। কিন্তু দৌৰি পলাবলৈ ধৰোতে জাকটোৰ প্ৰকাণ্ড হাতী এটাই আক্ৰমণ কৰে তেওঁক। ততালিকে কিছু নিলগত থকা আয়ু্ৰচুন্দ্ৰা হস্পিতালত লৈ যোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। মৃত্যুৰ সময়ত তেওঁ পত্নী, দুজন পুত্ৰ আৰু এজনী কন্যা এৰি থৈ যায়। মঙ্গলবাৰে দিনৰ ভাগত তেওঁৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ পাছত আৰক্ষীয়ে পৰিয়ালক মৃতদেহ চমজাই দিয়ে। দিনৰ ভাগত পূৱ কামৰূপ বন সংমণ্ডলৰ সহকাৰী বন সংৰক্ষক পুষ্পধৰ বুঢ়াগোঁহাইকে ধৰি বন বিষয়াৰ এটা দলে ঘটনাস্থলী পৰিদৰ্শন কৰি নিজৰ ঘটনাৰ বুজ লয়। ইফালে সোমবাৰে নিশা ৰাণী সংৰক্ষিত বনাঞ্চলৰ কাষৰীয়া বিক্রমপুৰত চাৰিটা বনৰীয়া হাতীয়ে প্ৰৱেশ কৰি কেবাঘৰ বাসিন্দাৰ কল, কঠাল খাই তহিলং কৰি সন্ত্ৰাসৰ সৃষ্টি কৰে।