অসম চৰকাৰৰ আজি বৃহৎ নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠান। ইয়াৰ সৈতেই ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ১ লাখ সংস্থাপনৰ প্ৰতিশ্ৰুতিৰ দিশে আৰু এখোজ আগুৱাই গ’ল। এই নিযুক্তি পত্ৰ বিতৰণ কাৰ্যসূচীত উপস্থিত থাকিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ উপস্থিতিত ৰাজ্য চৰকাৰে ৪৪ হাজাৰ ৭০৩ গৰাকী প্ৰাৰ্থীক প্ৰদান কৰিব নিযুক্তি পত্ৰ।
উল্লেখ্য যে, শেহতীয়াকৈ ৰাজ্যখনৰ বিভিন্ন বিভাগত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছিল। সেই ফলাফলৰ পাছতেই সকলোকে ২৫ মে’ত খানাপাৰাস্থিত পশু চিকিৎসালয় মহাবিদ্যালয়ৰ খেলপথাৰত ৰাজহুৱাকৈ নিযুক্তি পত্ৰ বিতৰণ কৰা হ’ব বুলি জনোৱাৰ বাবে গুৱাহাটীত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা হেজাৰ বিজাৰ সফল পৰীক্ষাৰ্থীয়ে ভিৰ কৰা দেখা গৈছে।