মহানগৰীৰ খাৰঘুলিৰ জলবিস্ফোৰণৰ ফলত গৃহহাৰা হোৱা বহুকেইটা পৰিয়ালে আশ্ৰয় লৈছে জয়পুৰ প্রাথমিক বিদ্যালয়ত। বৃহস্পতিবাৰে নিশা ঘটনাস্থলীত মন্ত্রী অশোক সিংঘাল আৰু মেয়ৰ মৃগেণ শৰণীয়াই পৰিস্থিত অধ্যয়ন কৰে।
উল্লেখ্য যে, বৃহস্পতিবাৰে দিনৰ ভাগত খাৰঘূলিৰ জয়পুৰত গেমনৰ পাইপ ফাটি হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছিল। জলবিস্ফোৰণত সুমিত্রা ৰাভা নামৰ এগৰাকী মহিলা নিহত হোৱাৰ লগতে ১৯ জনকৈ লোক আহত হৈছে। পানীৰে সোঁতে উটুৱাই নিছিল বাহন। ক্ষতিগ্ৰস্ত প্ৰায় ৪০টাকৈ বাসগৃহ। এই ঘটনাৰ উচিত তদন্ত বিচাৰিছে স্থানীয় ৰাইজে।