গ্ৰেপ্তাৰ কৰা হ’ল বীৰ লাচিত সেনাৰ মুৰব্বী শৃংখল চলিহা। শিৱসাগৰৰ এগৰাকী ব্যৱসায়ীৰ মুখত থুওৱাৰ অভিযোগত শিৱসাগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বীৰ লাচিত সেনাৰ নেতাগৰাকীক।
মঙ্গলবাৰে শিৱসাগৰত সংঘটিত হৈছিল এই ঘটনা। ঘটনাৰ খবৰ অনুসৰি শিৱসাগৰৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠানত বীৰ লাচিত সেনাৰ নেতাগৰাকীয়ে আন কেইবাজনো সতীৰ্থৰ সৈতে বিহুৰ চান্দা তুলিবলৈ গৈছিল।তাৰ মাজতে শৃংখল আৰু ব্যৱসায়ীগৰাকীৰ মাজত কথাৰ কটাকটি আৰম্ভ হয়। ইয়াৰ মাজতেই অনা-অসমীয়া ব্যৱসায়ীগৰাকীৰ মুখত থুৱাই দিয়াৰ অভিযোগ শৃংখল চলিহাৰ বিৰুদ্ধে।
Reference extortion demand at Sivasagar in the name of donation for socio-cultural event – named accused person, one Shrinkhal Chaliha has been arrested and action is being taken per law. @mygovassam directions regarding Forceful collection for socio-cultural events would be…
— GP Singh (@gpsinghips) May 2, 2023
অভিযোগ উত্থাপন কৰা এই ব্যৱসায়গৰাকী অংকুশ কেডিয়া। ব্যৱসায়ী অংকুশ কেডিয়াৰ অভিযোগৰ ভিত্তিতে শিৱসাগৰ আৰক্ষীয়ে শৃংখল চলিহাক প্ৰথমে আটক আৰু তাৰ পাছত গ্ৰেপ্তাৰ কৰিছে। এই বিষয়ে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে টুইটাৰত প্ৰকাশ কৰিছে।