গুৱাহাটীৰ পাহাৰ, সংৰক্ষিত বনাঞ্চলত বেদখলক যেন মৌলিক অধিকাৰ ৰূপে গণ্য কৰি আহিছে একাংশ লোকে। যাৰ বাবে বাৰে বাৰে উচ্ছেদ অভিযান চলাই আহিলেও সেই লোক তথা বেদখলকাৰী সকলে উচ্ছেদ কৰাৰ পাছতো চেগ বুজি অব্যাহত ৰাখিছে বেদখল কার্য। পাৰিপাৰ্শ্বিক ভাৰসাম্য ৰক্ষা আৰু জৈৱ বৈচিত্ৰ্য সংৰক্ষণ কৰাৰ বাবে ৰাজ্যৰ সংৰক্ষিত বনাঞ্চল সমূহ বেদখল মুক্ত কৰাৰ স্বাৰ্থত পূৱ কামৰূপ বন সংমণ্ডলৰ বন সংমণ্ডল প্ৰাধিকাৰী় ৰোহিনী শইকীয়াই খণ্ড বন বিষয়া সকলক নিজ নিজ এলেকাত নতুনকৈ হোৱা বেদখল সমূহৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশনা দি আহিছে।
আনহাতে গুৱাহাটীৰ আঞ্চলিক বন বিষয়া প্ৰাঞ্জল বৰুৱাই জানিবলৈ দিয়া মতে আমচাং বন্যপ্ৰাণী অভয়াৰণ্যৰ লগত সংযোজিত হৈ থকা পাঞ্জাবাৰীৰ শান্তিনগৰ আৰু কংকন নগৰত পাঞ্জাবাৰী বন শিবিৰৰ খণ্ড বন বিষয়া নিৰ্মল ডেকাৰ নেতৃত্বত এটা বনকর্মীৰ দলে সোমবাৰে নতুনকৈ নিৰ্মাণ কৰা পাঁচোটা টিনৰ চালিৰে নিৰ্মাণ কৰা গতি উচ্ছেদ কৰাৰ লগতে প্ৰায় ডেৰ বিঘা মাটি বেদখলমুক্ত কৰে। উচ্ছেদ অভিযানত সোণাপুৰ আঞ্চলিক বন বিষয়া কাৰ্যাল়য়ৰ পৰা অহা এটা মহিলা বং সুৰক্ষা বাহিনীত দলে সহযোগিতা আগবঢ়ায়। অৱশ্যে বন বিভাগৰ অভিযানকাৰী দল দেখিয়েই বেদখলকৰী সকল পলাই যাবলৈ সক্ষম হয়। আনহাতে বিগত বৰ্ষত সেই অঞ্চলত বন বিভাগে অভিযান চলাই ৪০ টাৰো অধিক গৃহ উচ্ছেদ কৰিছিল।