উত্তৰ পূব সীমান্ত ৰে’লৱেৰ ৰে’লৱে সুৰক্ষা বাহিনীয়ে (RPF) উত্তৰ পূব সীমান্ত ৰে’লৱেৰ বিভিন্ন ৰে’ল আৰু ৰে’ল ষ্টেচনত ১৬ ৰ পৰা ২২ মেলৈ চলোৱা এক সপ্তাহযোৰা অভিযানৰ সময়ত ৩৬ জন নাবালক, দুজন মানসিক ভাৱে বিকাৰগ্ৰস্ত পুৰুষ, দুগৰাকী মহিলা আৰু দুগৰাকী যুৱতীসহ ৪২ জন ব্যক্তিক উদ্ধাৰ কৰে। তেনেদৰে অভিযানকালত RPF এ মানৱ সৰবৰাহৰ লগত জড়িত দুজন সৰবৰাহকাৰীকো আটক কৰিবলৈ সক্ষম হয়।
উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া সব্যসাচি দে’ই জানিবলৈ দিয়া মতে এই অভিযান কাটিহাৰ, পূর্ণিয়া, বাৰছোই, কুমেদপুৰ, নিউ বঙাইগাঁও, ৰঙিয়া, কামাখ্যা, গুৱাহাটী, মৰিয়নি, তিনিচুকীয়া, নিউ জলপাইগুড়ী নিউ তিনিচুকীয়া আৰু ডিমাপুৰ ৰেল ষ্টেচনৰ বিভিন্ন স্থানত চলোৱা হৈছিল। উদ্ধাৰ কৰা সকলো ব্যক্তিকে সুৰক্ষিত জিম্মাৰ বাবে আইন অনুসৰি সংশ্লিষ্ট চাইল্ড লাইন আৰু উপযুক্ত পৰীক্ষণৰ অন্তত পৰিয়ালৰ সদস্যসকলক চমজাই দিয়া হয়।