প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি ৭১ হাজাৰ যুৱক-যুৱতীক চাকৰিৰ নিযুক্তিপত্ৰ প্ৰদান কৰিব। এই সকল যুৱক-যুৱতীক- ‘চাকৰি মেলা’ৰ অধীনত চৰকাৰী বিভাগ আৰু সংগঠনত নিয়োগ কৰা হৈছে। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে (PMO’) জানিবলৈ দিয়ে যে প্ৰধানমন্ত্ৰীগৰাকীয়ে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে এই নিযুক্তি পত্ৰ প্ৰদান কৰিব।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে কয় যে, চাকৰি মেলা হৈছে প্ৰধানমন্ত্ৰীৰ প্ৰতিশ্ৰুতি পুৰণ কৰাৰ ক্ষেত্ৰত আন এটি পদক্ষেপ। আশা কৰা হৈছে যে, চাকৰি মেলাই নিযুক্তি সৃষ্টি কৰি যুৱক-যুৱতীক তেওঁলোকৰ সৱলীকৰণ আৰু ৰাষ্ট্ৰীয় বিকাশত অংশগ্ৰহণৰ বাবে সুযোগ প্ৰদান কৰিব।
জানিব পৰা মতে, দেশৰ বিভিন্ন প্ৰান্তৰ পৰা নিৰ্বাচিত যুৱক-যুৱতীসকলক ভাৰত চৰকাৰৰ অধীনত কনিষ্ঠ অভিযন্তা, লোকো পাইলট, টেকনিচিয়ান, পৰিদৰ্শক, উপ পৰিদৰ্শক, কনিষ্টবল, ষ্টেনোগ্ৰাফাৰ, শিক্ষক, নাৰ্ছ, চিকিৎসক আদি বিভিন্ন বিভাগত নিযুক্তি দিব।