দেওবাৰে নিশা চামগুৰিৰ খাটোৱালত সংঘটিত পথ দুৰ্ঘটনাত ৰহস্যজনকভাৱে মৃত্যু ফটো সাংবাদিক ধনটি হীৰাৰ। বাইকেৰে আহি থকা অৱস্থাত খাটোৱালৰ বৰভেটিত পথত ৰৈ থকা দুজন যুৱকক খুন্দিয়াই দুৰ্ঘটনাত পতিত হয় ধনটি হীৰা। দুজন বন্ধুসহ চামগুৰিৰ বকুলতলৰ পৰা কালি নিশা খাটোৱালস্থিত ঘৰৰ অভিমুখে বাইকেৰে আহি আছিল ধনটি হীৰা। দুৰ্ঘটনাটোৰ ফলত দুয়োজন বন্ধুসহ ধনটি হীৰা আৰু পথত ৰৈ থকা আন দুজন যুৱক আহত হয় ।
কিন্তু অতি ৰহস্যজনকভাৱে কিছুসময়ৰ পিছতেই ঘটনাস্থলীতে মৃত্যু মুখত পৰে ফটো সাংবাদিক ধনটি হীৰা। ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছত একাংশই ধনটি হীৰাক প্ৰহাৰ কৰি হত্যা কৰাৰ অভিযোগ ধনটি হীৰাৰ পৰিয়ালৰ লোকৰ। ঘটনাস্থলীত খাটোৱাল আৰক্ষী উপস্থিত হৈ দুৰ্ঘটনাগ্ৰস্ত মটৰচাইকেল খন উদ্ধাৰ কৰাৰ লগতে ধনটি হীৰাৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত আৰম্ভ কৰিছে প্ৰাৰম্ভিক তদন্ত। আনপিনে দুৰ্ঘটনাস্থলীত নিশাই নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক গৰাকী উপস্থিত পৰিস্থিতি পৰ্যবেক্ষণ কৰে।