দক্ষিণ কামৰূপৰ ব্যৱসায়িক কেন্দ্ৰস্থল স্বৰূপ আৰু পলাশবাৰী আৰক্ষী থানাৰ অন্তৰ্গত বিজয়নগৰৰ কাষৰীয়া ৰঙামাটিৰ বিভিন্ন অঞ্চলত ১৫ দিনমান ধৰি বনৰীয়া হাতীৰ মুক্ত বিচৰণ আৰম্ভ হৈছে। এই সন্দৰ্ভত ৰঙামাটি অঞ্চলৰ ৰাইজে জানিবলৈ দিয়া মতে ডেৰমাহ আগলৈকে এটা বনৰীয়া হাতী ৰঙামাটিৰ দুধকুঁৱৰী পাহাৰত আশ্ৰয় লৈ বৃহত্তৰ ৰঙামাটি অঞ্চলত খাদ্যৰ সন্ধানত মাজে সময়ে মানুহৰ বাৰীত সোমাই কল, কুঁহিয়াৰ, কঠালকে ধৰি কৃষকে কপালৰ ঘাম মাটিত পেলাই কৰা আন শস্য খাই তহিলং কৰিছিল। তাৰ পাছত হাতীটো কিছু নিলগত থকা মিৰ্জা তিনিআলিৰ সমীপৰ মালিয়াটা সংৰক্ষিত বনাঞ্চলৰ পাহাৰৰ ফালে গুছি গৈছিল। কিন্তু ১৫ দিন আগতে। সন্ধিয়াৰ পাছত পুনৰ হঠাতে তিনিটা বনৰীয়া হাতীয়ে অঞ্চলটোৰ বাট – পথত বিচৰণ কৰি থকাত ৰাইজ শংকিত হৈ পৰিছে।
কিন্তু তাৰ মাজতে শনিবাৰৰ পৰা ৰাইজে চাৰিটা হাতী প্ৰত্যক্ষ কৰি শংকিত হৈ পৰিছে। এতিয়া চাৰিওটা হাতী কালিৰে পৰা সন্ধিয়া আন্ধাৰ নামি অহাৰ পাছতে নিলোপৰা, ৰামপাৰা, মালিপাৰা, বাকাৰাপাৰা, বামুণ মহিলাপাৰাকে ধৰি বৃহত্তৰ ৰঙামাটি অঞ্চলৰ কেবাটাও চুবুৰীত কেৱাঘৰ মানুহৰ ঘৰৰ চৌহদত বেৰ আৰু দেৱাল ভাঙি প্ৰৱেশ কৰি বাৰীত থকা কঠাল, কলগছ, কুঁহিয়াৰকে ধৰি বিভিন্ন শস্যৰ অনিষ্ট সাধন কৰিছে। এই সন্দৰ্ভত পূৰ্বতে ৰাইজে হাতীৰ উপদ্ৰৱ সন্দৰ্ভত স্থানীয় লোহাৰঘাট বনাঞ্চলিক বিষয়া কাৰ্যালয়ক অৱগত কৰিছিল যদিও পৰ্যাপ্ত বনকর্মী নথকাৰ অজুহাতত হাতী খেদা কাৰ্যত ৰাইজক সহযোগ কৰাৰ সলনি দুধকুঁৱৰী পাহাৰৰ নামনিত হাতী অহা যোৱা কৰা পথত “হাতীৰ পৰা সাৱধান” বুলি দুখন চাইনবৰ্ড লগাই দিয়েই দায়িত্ব সামৰিছে বন বিভাগে। ৰাইজে বন বিভাগক কোনো ধৰণে সংৰক্ষিত বনাঞ্চল আৰু হাতীৰ বিচৰণথলী নোহোৱা ৰঙামাটি অঞ্চলত হাতীৰ বিচৰণ আৰু উপদ্রৱৰ সমস্যাৰ পৰা ৰাইজক ৰক্ষা কৰিবলৈ বন বিভাগৰ উৰ্ধতম কৰ্তৃপক্ষক দাবী জনাইছে। কিয়নো লোহাৰঘাট আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ বনকৰ্মী হাতত একোডাল লাঠি লৈ আহিয়ে দায়িত্ব সামৰা পৰিলক্ষিত হৈছে।