কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে আজি নেচনেল হেৰাল্ড গোচৰ (National Herald case) সন্দৰ্ভত প্ৰৱৰ্তন সঞ্চালকালয়ৰ সন্মুখত হাজিৰ হয়। তেওঁক এতিয়াও ED কাৰ্যালয়ত সোধা-পোছা কৰি থকা হৈছে। শ শ দলীয় কৰ্মীৰ দ্বাৰা পৰিবেষ্টিত কংগ্ৰেছ নেতাজনে কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ৰ পৰা খোজকাঢ়ি ইডি কাৰ্যালয়লৈ ৰাওনা হৈছিল যদিও আৰক্ষীয়ে আইন-শৃংখলাৰ দোহাই দি বাধা দিয়াত তেওঁ গাড়ীৰে প্ৰৱৰ্তন সঞ্চালকৰ কাৰ্যালয়ত হাজিৰ হয়।
তেওঁৰ সৈতে তেওঁৰ ভগ্নী প্ৰিয়ংকা গান্ধীও আছিল। কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে নেচনেল হেৰাল্ড গোচৰ সন্দৰ্ভত প্ৰৱৰ্তন সঞ্চালকালয়ৰ (ED) অনুসন্ধানকাৰী দলৰ দ্বাৰা তিনি ঘণ্টা ধৰি সোধা-পোছাৰ সন্মুখীন হৈছে। ৰাহুল গান্ধীয়ে সোমবাৰে ৰাতিপুৱা প্ৰায় ১১.৩০ বজাত EDৰ কাৰ্যালয়লৈ গৈছিল আৰু কংগ্ৰেছ নেতা আৰু কৰ্মীসকলে মতিলাল নেহৰু মাৰ্গৰ মাজেৰে যাত্ৰা কৰিছিল। প্ৰৱৰ্তন সঞ্চালকালয়ে (Enforcement Directorate) ৰাহুল গান্ধীক নেচনেল হেৰাল্ড গোচৰত অবৈধ ধনৰ লেনদেনত জড়িত থকাৰ অভিযোগত ১ জুনত জাননী প্ৰেৰণ কৰি সোধা-পোছাৰ বাবে ২ জুনত মাতি পঠিয়াইছিল। কিন্তু তেওঁ বিদেশত থকা বাবে ২৪ ঘণ্টীয়া জাননী মতে হাজিৰ হোৱাটো তেওঁৰ বাবে সম্ভৱ নহয় বুলি জনাইছিল।