নগাঁৱত পুনৰ এনকাউণ্টাৰ। নগাঁৱৰ বটদ্ৰৱা আৰক্ষীয়ে এইবাৰ এটি শিশু ধৰ্ষণৰ অভিযুক্তক এনকাউণ্টাৰ কৰে। বটদ্ৰৱাৰ ৰামপুৰ পামগাঁৱত ১৯ এপ্ৰিলত এটি চাৰিবছৰীয়া শিশু ধৰ্ষণকাণ্ডৰ অভিযুক্ত ইদ্ৰিছ আলিক বুধবাৰে সন্ধিয়া বটদ্ৰৱা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ।
১৯ এপ্ৰিলৰ দুপৰীয়া ৰামপুৰ পামগাঁৱৰ এগৰাকী তিনি বছৰীয়া শিশুক আচাৰ খাবলৈ দিম বুলি ফুচুলাই ঘৰত সোমাৱাই এই ঘৃণনীয় কাৰ্য কৰাৰ অভিযোগ উঠিছিল ইদ্ৰিছ আলিৰ বিৰুদ্ধে । এই ঘটনা পোহৰলৈ অহাৰ পাছতেই শিশুটিৰ মাতৃ তথা পৰিয়ালৰ লোকে অভিযুক্তৰ ফাঁচীৰ দাবী তুলিছিল ।
উল্লেখ্য যে, শিশুটিৰ পৰিয়ালৰ অভিযোগৰ ভিত্তিত তদন্ত কৰি বুধবাৰে সন্ধিয়া বটদ্ৰৱা আৰক্ষীয়ে ইদ্ৰিছ আলিক আটক কৰিছিল ৷ ইদ্ৰিছ আলিক চিকিৎসালয়লৈ স্বাস্থ্য পৰীক্ষাৰ বাবে নি থকা অৱস্থাত শৌচ কৰাৰ বাবে কেইবাবাৰো অনুৰোধ কৰাত আৰক্ষীয়ে শৌচাগাৰলৈ সোমাবলৈ দিছিল ৷
ধৃত ইদ্ৰিছ আলীয়ে শৌচাগাৰৰ পৰা পলায়নৰ চেষ্টা কৰাত বটদ্ৰৱা আৰক্ষীয়ে তেওঁলৈ গুলিয়াবলৈ বাধ্য হয় । আৰক্ষীৰ গুলীত আহত হয় ইদ্ৰিছ আলি ৷ আহত ইদ্ৰিছ আলিক চিকিৎসাৰ বাবে গুৱাহাটী মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হৈছে ।