লোহাৰ খুটাৰ আঘাতত দেওবাৰে মৰ্মান্তিক মৃত্যু হয় এগৰাকী মডেলৰ। আৰক্ষীয়ে জনাইছে যে নিহত বংশিকা চোপ্ৰা দিল্লীৰ নয়দাৰ ছেক্টৰ ১৬–এ অঞ্চলত ফিল্ম চিটীৰ লক্ষ্মী ষ্টুডিঅ’ত আয়োজিত অনুষ্ঠানত ৰেম্পত খোজ দিছিল। সেই সময়তে এই মৰ্মান্তিক দুৰ্ঘটনাটো সংঘটিত হয়। প্ৰাথমিক তদন্তত জানিব পৰা গৈছে যে মঞ্চৰ পোহৰৰ ব্যৱস্থাপনাৰ বাবে সেই লোহাৰ পিলাৰ লগোৱা হৈছিল। হঠাৎ পিলাৰ ভাঙি পৰে মঞ্চৰ ওপৰত। যাৰ ফলত ঘটনাস্থলীতে মৃত্যু হয় বংশিকাৰ। দুৰ্ঘটনাত আহত হৈছে ববি ৰাজ নামৰ আন এজন যুৱক। স্থানীয় হাস্পতালত তেওঁ চিকিৎসাধীন হৈ আছে।
আৰক্ষীৰ সূত্ৰই জনাইছে, এই ঘটনাত ফেশ্বন শ্ব’ৰ উদ্যোক্তাসহ মুঠ ৫জনক গ্ৰেপ্তাৰ কৰা হৈছে। বংশিকাৰ মৃত্যুৰ খবৰ তেওঁৰ পৰিয়ালক জনোৱা হৈছে। তেওঁৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।