অসম-নাগালেণ্ড সীমান্তৱৰ্তী খটখটীত সোমবাৰে বিয়লি আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাই নিষিদ্ধ হেৰʼইনসহ দুই সৰবৰাহকাৰীক জালত পেলাবলৈ সক্ষম হৈছে। ঘটনাৰ বিৱৰণী অনুসৰি, এক গোপন সূত্ৰৰ পম খেদি আজি বিয়লি প্ৰায় পাঁচ বজাত বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাসৰ নেতৃত্বত তথা খটখটী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজু দুৱৰা, উপ-পৰিদৰ্শক ৰাজীৱ বৰা, উপ-পৰিদৰ্শক নিতুল শইকীয়াৰ সহযোগত খটখটী আৰক্ষী, বোকাজান শিৱিৰৰ চিআৰপিএফ আৰু কমাণ্ডো বাহিনীৰ এটা যুটীয়া অভিযানকাৰী দলে খটখটী থানাৰ অন্তৰ্গত জনকপুখুৰী এলেকাত এক অভিযান চলায়।
উক্ত অভিযানত অভিযানকাৰী দলটোৱে দহটা চাবোনৰ বাকচত লুকুৱাই ৰখা অৱস্থাত ১০০ গ্ৰাম হেৰʼইন জব্দ কৰিবলৈ সক্ষম হয়। এই সন্দৰ্ভত আৰক্ষীয়ে মহিলাসহ দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে। ধৃত সৰবৰাহকাৰী দুজন ক্ৰমে খটখটী পকা ফিল্ডৰ নুৰ উদ্দিন (৪৬) আৰু খটখটী গৌতম বস্তিৰ অনিতা গগৈ (৩৭) বুলি চিনাক্ত কৰা হৈছে। জব্দ হোৱা হেৰʼইনখিনিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰমূল্য কমেও প্ৰায় ৫০ লাখ টকা বুলি অনুমান কৰা হৈছে।