অৱশেষত আৰক্ষীৰ ওচৰত ধৰা দিলে পলাতক উৎপলা বসুৱে। বিগত কেইবাদিনো ধৰি পলাতক হৈ আছিল মহিলাগৰাকী৷ পাণবজাৰ মহিলা আৰক্ষী থানাত উৎপলা বসুক জেৰা। মহানগৰ আৰক্ষী আয়ুক্তই জেৰা কৰিছে উৎপলাক। উৎপলাৰ বিৰুদ্ধে চিকিৎসক দম্পতী ডাঃ সংগীতা দত্ত আৰু ডাঃ ৱালিউল ইছলামক শিশু যোগানৰ অভিযোগ উত্থাপিত হৈছে।
চিকিৎসক দম্পতীক গ্ৰেপ্তাৰৰ পিছতে পলায়ন কৰিছিল উৎপলাই। শুক্ৰবাৰে নিশা প্ৰায় ১০ বাজি ৩০ মিনিটত পাণবজাৰ মহিলা আৰক্ষী থানাত আত্মসমৰ্পণ উৎপলা বসুৰ।