উত্তৰ পূৰ্বাঞ্চলৰ লগতে অসমৰ কিছু কিছু ঠাইত বংগোপসাগৰৰ পৃষ্ঠত ঘণ্টাত ১৫০/১৬০ গতিবেগত উৎপত্তি হোৱা ঘূৰ্ণীবতাহ ‘মোচা’ৰ প্ৰভাৱ পৰাৰ আগজাননি দিছে বতৰ বিজ্ঞানীসকলে। শুকুৰবাৰে জাৰি কৰা এক বিবৃতিত কোৱা হৈছে যে দুদিনীয়া মুষলধাৰ বৰষুণৰ উপৰি ঘণ্টাত ১৬০ কিলোমিটাৰ বেগেৰে ঘূৰ্ণীবতাহ বলিব পাৰে। বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ বতৰ বিজ্ঞানীৰ আগজাননী অনুসৰি ১৩ মে’ৰ দিনা নাগালেণ্ড , মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ কিছু ঠাইত ধাৰাসাৰ বৰষুণ আহিব যদিও অসম , মেঘালয় আৰু অৰুণাচল প্ৰদেশৰ কিছু ঠাইত কম পৰিমাণে বৰষুণ আহিব পাৰে।
ঠিক তেনেদৰে ১৪ মে’ত ‘মোচা’ ঘূৰ্ণীবতাহৰ ফলত মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ কিছু অঞ্চলত ৫০/৬০ গতিবেগত ধুমুহাৰ লগতে প্ৰবল বৃষ্টিপাত হোৱাৰ সম্ভাৱনা আছে। ইফালে অসম, মেঘালয়, নাগালেণ্ড আৰু অৰুণাচলৰ কিছু ঠাইত ধাৰাসাৰ বৰষুণ আহিব পাৰে। আনহাতে, ১৫ মে’ত অসম , মেঘালয়ৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যৰ কিছু ঠাইৰ পুনৰ ধাৰাসাৰ বৰষুণৰ আগজাননি দিয়ে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ বতৰ বিজ্ঞানীয়ে। ঠিক একেদৰে ১৬ মে’ত অসম আৰু মেঘালয়ৰ কিছু ঠাইত প্ৰবল বৃষ্টিপাত হোৱাৰ উপৰিও উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যৰ কিছু ঠাইত ধাৰাসাৰ বৰষুণৰ যথেষ্ট সম্ভৱনা আছে।