গুৱাহাটী মহানগৰীৰ মাজমজিয়াৰ এখন ‘স্পা এণ্ড পাৰ্লাৰ’ত অনৈতিক ঘটনা সংঘটিত হোৱাৰ খবৰ অলপতে পোহৰলৈ আহে। প্ৰায় ১৫ জনীয়া এটা দলে পাৰ্লাৰত নিকৃষ্ট অপকৰ্ম চলাই নিয়াৰ এক তথ্য পোৱা যায়। শেহতীয়াকৈ সামাজিক মাধ্যমত পাৰ্লাৰখনৰ ভিতৰত কিছু আপত্তিজনক দৃশ্য ভাইৰেল হৈ পৰিছে। সাংবাদিকৰ নামত একাংশ লোকে পাৰ্লাৰখনৰ ভিতৰলৈ সোমাই গৈ অসংযত অৱস্থাত পুৰুষ-যুৱতীক পৰিলক্ষিত কৰি সেই ভিডিঅ’ ম’বাইলত বন্দী কৰে। ভিডিঅ’টোত যুৱতীগৰাকীক কিয় তেনে অপকৰ্মত লিপ্ত হৈছে, তেওঁলোকক কোনোৱে বাধ্য কৰিছে নে নিজ ইচ্ছা অনুসৰি সেই কামত লিপ্ত হৈছে আদি নানান প্ৰশ্নৰে ঘেৰি ধৰে। যুৱতীগৰাকীয়ে বাৰাম্বাৰ শালীন কাপোৰ পৰিধান কৰিবলৈ অনুমতি বিচাৰিলে যদিও নিজকে সাংবাদিক বুলি দাবী কৰা সেই একাংশ লোকে যেন যুৱতীগৰাকীৰ ভিডিঅ’ বনোৱাতহে ব্যস্ত দেখা পোৱা যায় ভিডিঅ’টোত।
উল্লেখ্য যে, মহানগৰীৰ ৰাজগড় লিংক ৰোডত থকা বি. স্ট্রেণ্ডছ নামৰ বিলাসী স্পা এণ্ড পাৰ্লাৰত বিগত বুধবাৰে এদল নিকৃষ্ট যুৱকে প্ৰৱেশ কৰিছিল। ৰুমী নামৰ এগৰাকী নিউজ পৰ্টেলৰ কৰ্মীৰ নেতৃত্বত যুৱকৰ দলটোৱে স্পাখনত প্ৰৱেশ কৰিছিল। প্ৰথমে পাৰ্লাৰৰ বন্ধ কোঠাত যুৱতীৰ নগ্ন ছবি ম’বাইল ফোনত ৰেকৰ্ডিং কৰিছিল। এই ভিডিঅ’ ৰেকৰ্ডিং কৰি পৰৱৰ্তী সময়ত সিহঁত তাৰ পৰা আঁতৰি যায়। পিছলৈ পাৰ্লাৰৰ গৰাকীক চক্ৰটোৱে ব্লেকমেইলিং আৰম্ভ কৰা বুলি অভিযোগ উত্থাপন হৈছে। ঘটনাৰ মীমাংসাৰ বাবে সাংবাদিকৰ নামত একাংশই ৩ লাখ টকা দাবী কৰিছিল বুলি পাৰ্লাৰত স্বত্বাধিকাৰীয়ে অভিযোগ কৰিছে। দুৰ্বৃত্তৰ দলটোৰ বিৰুদ্ধে আনকি যৌন নিৰ্যাতনৰ অভিযোগ উঠিছে। এই সন্দৰ্ভত ফোনযোগে ব্লেকমেইলিং কৰা এটা ভিডিঅ’ও এতিয়া সামাজিক মাধ্যামত ভাইৰেল হৈ পৰিছে।
পাৰ্লাৰত যুৱতী-মহিলাৰ নগ্ন ছবি ম’বাইল ফোনত বন্দী কৰি প’ৰ্টেল কৰ্মীৰ নামত যুৱকৰ দলটোৱে ব্লেকমেইলিং কৰে আৰু পাৰ্লাৰ পক্ষই সেই দাবী মানি নোলোৱাত পিছলৈ ভিডিঅ’ ভাইৰেল কৰাৰ অভিযোগ উত্থাপন হৈছে। ইতিমধ্যে চানমাৰি আৰক্ষী থানাত এই ঘটনাক লৈ এক গোচৰ ৰুজু কৰা হৈছে। ঘটনা সংক্ৰন্তত আৰক্ষীয়ে CCTV ভিজুৱেল সংগ্ৰহ কৰিছে।