জনপ্ৰিয় গায়ক কৃষ্ণকুমাৰ কুন্নাথ ওৰফে কেকে হিন্দী, তামিল, তেলেগু, কানাড়া, মালায়ালম, মাৰাঠী, বাংলা, অসমীয়া আৰু গুজৰাটী ভাষাৰ বহু সংখ্যক আইকনিক গানৰ আঁৰৰ কণ্ঠশিল্পীগৰাকীৰ মঙলবাৰে নিশা কলকাতাত মৃত্যু ঘটে। ৫৩ বছৰীয়া অতুলনীয় কণ্ঠস্বৰৰ গৰাকী শিল্পী গৰাকীয়ে কলকাতাত সন্ধিয়া এটা কনচাৰ্টত প্ৰায় এঘণ্টা ধৰি গান গাইছিল আৰু গান পৰিৱেশন কৰি থকাৰ সময়তে তেওঁ অসুস্থ অনুভৱ কৰাত দক্ষিণ কলকাতাৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ লৈ যোৱা হৈছিল যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে। তেওঁৰ মৃত্যুৰ বাতৰিত শোকস্তব্ধ সংগীত অনুৰাগীসকল।
তেওঁৰ কণ্ঠস্বৰ আৰু তেওঁৰ গানবোৰে মানুহক সদায়ে সন্মোহিত কৰি ৰাখবলৈ সক্ষম হৈছিল। তেওঁৰ অসংখ্য গীতৰ মাজত দহটা শ্ৰেষ্ঠ গান, যিয়ে তিনি দশকতকৈও অধিক সময় জুৰি সংগীত প্ৰেমীসকলক মন্ত্ৰমুগ্ধ কৰি ৰাখিছে, যিয়ে সংগীত প্ৰেমীসকলক আকৰ্ষিত কৰি ৰাখিব অনন্ত কাললৈ তাৰেই কিছু আলোকপাত…
১ ‘য়াৰো’
বলীউডৰ সকলো ধৰণৰ গানত কেকেৰ আছিল শক্তিশালী দখল। তেওঁৰ সুমধুৰ কণ্ঠ শুনি মানুহে সকলো পাহৰি যায়। ৯০ ৰ দশকত কেকেৰ ‘য়াৰো’ নামৰ গীতটো তেওঁৰ সংগীত কেৰিয়াৰত এক মাইলৰ খুটি। এই গানটো এতিয়ালৈকে তেওঁৰ আটাইতকৈ জনপ্ৰিয় গানবোৰৰ এটা। বন্ধুত্বৰ প্ৰতি সমৰ্পিত এই গীতটোৱে ‘য়াৰ কি য়াৰিৰ’ অধিক গভীৰতা স্পৰ্শ কৰিছিল। গানটো যুৱসকলৰ মাজত ‘যুৱ সংগীত’ হিচাপেও পৰিচিতি লাভ কৰিছিল।
২ জিন্দেগী দো পল কি- (কাইট)
হৃত্বিক ৰোশনৰ ছবি কাইটৰ ‘জিন্দেগী দো পাল কি’ গানটো কেকে-ৰ দ্বাৰা গোৱা এটা সুমধুৰ গান, যিটো শুনি সকলোৱে প্ৰেমৰ অনুভূতি বুজিবলৈ চেষ্টা কৰে। গানটো হৃত্বিক ৰোশন আৰু বাৰবাৰা মৰিৰ ওপৰত চিত্ৰিত কৰা হৈছিল।
৩ খুদা জানে- (বচনা এ হাসিনো)
‘বচনা এ হাসিনো’ৰ ৰণবীৰ কাপুৰ অভিনীত জনপ্ৰিয় গান ‘খুদা জানে’ত কেকেৰ কণ্ঠই যেন সংগীত প্ৰেমীৰ মনত যাদু বিয়পাইছিল। ৰণবীৰ কাপুৰ আৰু দীপিকা পাডুকনে অভিনয় কৰিছিল উক্ত গীতটোত। কেকে সেই সময়ত দীৰ্ঘদিন ধৰি সংগীত জগতৰ এক নম্বৰ স্থানত আছিল।
৪ তড়প তড়প– (হাম দিল দে চুকে চানম)
কেকে বলীউডৰ পাৰ্টিত ব্যৱহিত গানৰ পৰা ৰোমাণ্টিক আৰু দুখজনক গানলৈকে সকলো ধৰণৰ গানতে এজন অলৰাউণ্ডাৰ গায়ক আছিল। ঐশ্বৰ্য ৰায় আৰু চলমান খানৰ ‘হাম দিল দে চুকে চানম’ত, ‘তড়প তড়প’ গানটো সংগীত প্ৰেমীসকলে বহুত ভাল পাইছিল। এই গানটোৰ উন্মাদনা যেন আজিও অব্যাহত আছে।
৫ জাৰা চি- (জন্নাত)
কেকেৰ ৰোমান্টিক গানবোৰত এটা টান গ্ৰিপ আছিল। তেওঁৰ ৰোমান্টিক গানবোৰে যেন প্ৰেমিক-প্ৰেমিকাসকলৰ বিশেষ মুহূৰ্তবোৰক আৰু অধিক বিশেষ কৰি তুলে। ২০০৮ চনত কেকেৰ ৰোমান্টিক গীত ‘জাৰা চি’য়ে কেৱল ৰোমান্টিক গানেই নহয়, সংগীতৰ জগততো এক নতুন অভিলেখ গঢ়িছিল। গানটো ইউটিউবত ৬০,০০০০০ তকৈও অধিক লোকে লাইক কৰিছে।
৬ তু জো মিলা- (বজৰংগী ভাইজান)
চলমান খানৰ ছবি বজৰংগী ভাইজানত ‘তু জো মিলা’ গানটো এতিয়াও মানুহৰ হৃদয় আৱৰি আছে। কেকেৰ এই গানটোত প্ৰেম আৰু এনে এক সন্মোহন আছে যি মানুহক আৱেগিক কৰি তোলে।
৭ দিল ইবাদত– (তুম মিলে)
ইমৰান হাছমী আৰু ছোহা আলী খানৰ ওপৰত চিত্ৰিত ‘দিল ইবাদত’ এই ৰোমাণ্টিক গানটোৰ এক সুকীয়া পৰিচয় থকাৰ লগতে কেকেৰ যাদুকৰী কণ্ঠই যেন আৰু অধিক ৰোমান্টিক কৰি তুলিছিল।
৮ টুনে মাৰি এন্ট্ৰিয়া– (গুণ্ডে)
প্ৰিয়ংকা চোপ্ৰা, ৰণবীৰ সিং আৰু অৰ্জুন কাপুৰৰ ওপৰত চিত্ৰিত ‘টুনে মাৰি এন্ট্ৰিয়ান’ গানটোও অতি জনপ্ৰিয় হৈ পৰিছিল। ই এটা আমোদজনক প্ৰেমময় গান আছিল আৰু কেকেৰ কণ্ঠই এই গানটোক আতি উচ্চ স্তৰলৈ লৈ গৈছিল।
৯ দশ বাহানে কৰকে লে গয়ে দিল– (দশ)
মাল্টিষ্টাৰাৰ গান ‘দশ বাহানা কৰ কে লে গয়ে দিল’ত কেকেৰ কণ্ঠৰ যাদুৱে এতিয়াও যেন মানুহৰ হৃদয়ত বাহৰ পাতি আছে।
১০ আখু মে তেৰি আজব চি– (ওম শান্তি ওম)
কেকেৰ প্ৰায় প্ৰতিটো গানেই শীৰ্ষস্থান দখল কৰিছিল যদিও তেওঁৰ ৰোমান্টিক গানবোৰৰ এটা সুকীয়া পৰিচয় আছিল। দীপিকা পাডুকন আৰু শ্বাহৰুখ খানৰ ওপৰত ওম শান্তি ওম চলচ্চিত্ৰত চিত্ৰগ্ৰহণ কৰা ‘আখে মে তেৰি আজব চি’ গানটো তেওঁৰ অন্যতম শ্ৰেষ্ঠ গান।