নিউজ ডেস্কঃ বিবাহপাশত আবদ্ধ হ’ল ভাৰতীয় দলৰ ক্ৰিকেটাৰ য়ুজবেন্দ্ৰ চাহাল। প্ৰেমিকা ধনশ্ৰী বাৰ্মাৰ সৈতেই যুগ্ম জীৱনৰ পাতনি মেলিলে চাহালে। বহুদিন ধৰি প্ৰেমৰ সম্পৰ্কত আছিল দুয়ো। চলিত বৰ্ষৰ আগষ্ট মাহত চাহাল আৰু ধনশ্ৰীয়ে তেওঁলোকৰ সম্পৰ্ক প্ৰথমবাৰৰ বাবে ৰাজহুৱা কৰিছিল ছচিয়েল মিডিয়াত ৷
চাহালৰ পত্নী ধনশ্ৰী পেছাত এগৰাকী চিকিৎসক। ইয়াৰ উপৰি খুব ভাল নৃত্যশিল্পী আৰু ইউটিউবাৰ হিচাপেও জনপ্ৰিয়।উল্লেখ্য যে ভাৰতীয় টি-২০ আৰু এদিনীয়া দলৰ নিয়মীয়া সদস্য য়ুজবেন্দ্ৰ চাহালে বৰ্তমানলৈ ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰি ৫২ খন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় খেল আৰু ৪২ খন টি-২০ খেলত অংশ লৈছে৷
চাহালৰ এদিনীয়া মেছত ৯১ টা উইকেট দখল কৰাৰ বিপৰীতে টি-২০ত দখল কৰিছে ৫৯ টা উইকেট। ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন সদস্যৰ লগতে বৰ্তমানৰ সদস্য সকলে চাহালক বিবাহৰ পবিত্ৰ ক্ষণত শুভেচ্ছা জ্ঞাপন কৰে। মঙলবাৰে তেওঁলোকৰ বিবাহ সম্পন্ন হয় যায়। গুৰগাঁৱৰ কৰ্মা লেক ৰিজ’ৰ্টত তেওঁলোকৰ বিয়াৰ অনুষ্ঠান সম্পন্ন হয় ৷
View this post on Instagram
ইতিমধ্যে ইনষ্টাগ্ৰামত চাহালে তেওঁলোকৰ যুগ্মজীৱনৰ ফটো শ্বেয়াৰ কৰিছে।