নিউজ ডেস্কঃ ক’ৰোনা ভাইৰাছৰ দ্বিতীয় প্ৰজন্মৰ উদ্ভৱে পুনৰ আতংকিত কৰি তুলিছে বিশ্ববাসীক ৷ অসমতো পুনৰ আৰম্ভ হৈছে ক’ৰোনা ভাইৰাছৰ দ্বিতীয় ঢৌ ৷ ৰাজ্যত বিগত ২৪ ঘণ্টাত মৃত্যু হৈছে চাৰিগৰাকীকৈ ব্যক্তিৰ ৷ এই কথা টুইটাৰযোগে প্ৰকাশ কৰিছে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ আৰু বৰ্তমানলৈকে ক’ৰোনাত আক্ৰান্ত হৈ মৃত্যু হোৱা ব্যক্তিৰ সংখ্যা ১০২৪ গৰাকীলৈ বৃদ্ধি হৈছে ৷ ইফালে, ইংলেণ্ডৰ ২০ গৰাকীকৈ বিমানযাত্ৰীৰ শৰীৰত ক’ভিড পজিটিভ ধৰা পৰিছে ভাৰতৰ বিভিন্ন ঠাইত৷ তাৰে পাঞ্জাৱত ৮ গৰাকী, আহমেদাবাদত ৫ গৰাকী, দিল্লীত ৬ গৰাকী,কলকাতাত ২ গৰাকী আৰু চেন্নাইত ১গৰাকী যাত্ৰীৰ দেহত ক’ভিড পজিটিভ ধৰা পৰিছে ৷
পুৰণি ভাইৰাছবিধতকৈ অধিক সংক্ৰামক এইবিধ ভাইৰাছ দ্ৰুত গতিত বিয়পি পৰিছে ৷ শেহতীয়াকৈ এণ্টাৰ্কটিকা মহাদেশতো আৰম্ভ হৈছে ক’ভিড-১৯ ৰ সংক্ৰমণ ৷ বৰ্তমানলৈকে ৩৬ গৰাকী ব্যক্তি আক্ৰান্ত হৈছে ক’ভিড-১৯ ত ৷ আৰু এণ্টাৰ্কটিকা মহাদেশত প্ৰথমবাৰৰ বাবে চিনাক্ত কৰা হৈছে ক’ভিড পজিটিভ ব্যক্তি ৷