শ্বাহৰূখ খান বলিউডৰ এটি জনপ্ৰিয় নাম। কোটি কোটি গুণমুগ্ধ থকা শ্বাহৰুখ খানৰ নাম টোৱে একাংশ ধৰ্মান্ধক বিছাই ডকাদি ডাঁকে ৷ এইচাম মানুহৰ বাবে শ্বাহৰূখ খান দেশদ্ৰোহী, ভাৰতবিৰোধী৷ শ্বাহৰুখক লৈ অলেখ উৰাবাতৰিও উলিয়ায়। এইবাৰ সীমা চেৰাই গ’ল,
বিজেপিৰ হাৰিয়ানাৰ নেতা অৰুণ যাদৱৰ এটা টুইটত৷ তেওঁ ছুপাৰষ্টাৰ শ্বাহৰূখ খানৰ এটা ভিডিঅ’ আপলোড কৰি সুধিছে- ই থু পেলাইছে নেকি?
উল্লেখ্য যে, কোকিলকণ্ঠী গায়িকা লতা মংগেশকাৰৰ শেষকৃত্য অনুষ্ঠানত শ্বাহৰূখে তেওঁৰ মেনেজাৰৰ সৈতে উপস্থিত হৈ মহান শিল্পীগৰাকীক শ্ৰদ্ধা জনাইছিল৷ তেতিয়াই তেওঁ ইছলামিক নীতি মতে বতাহত ফুৱাই প্ৰাৰ্থনা জনাইছিল ৷ সেই দৃশ্যকে বিজেপিৰ নেতা একাংশৰ লগতে বহু প্ৰভাৱশালী লোকে ভুৱা দাবীৰে শ্বেয়াৰ কৰিবলৈ লয়। তেওঁলোকৰ দাবী যে লতাজীৰ শেষকৃত্যত শ্বাহৰূখে থু পেলাইছিল ৷ ইয়াৰ পূৰ্বেও নৱেম্বৰত এগৰাকী কাজীয়ে মুখেৰে খাদ্যত ফুৱাই সমৃদ্ধিৰ বাবে প্ৰাৰ্থনা কৰাৰ দৃশ্য থু পেলোৱাৰ বুলি অপপ্ৰচাৰ চলোৱা হৈছিল
শ্বাহৰূখ খানক লৈ উৰাবাতৰি আৰু তেওঁক দেশবিৰোধী প্ৰমাণৰ অপচেষ্টাও প্ৰায়েই চলি থকা দেখা যায়।
ধৰ্মান্ধই বেয়া পালেও শ্বাহৰুখ খান ভাৰতৰ উদাৰতা আৰু ধৰ্মনিৰপেক্ষতাৰ এক মূৰ্ত প্ৰতীক ৷ লতাৰ শেষকৃত্যত মেনেজাৰ পূজা দাদলানিৰ সৈতে শ্বাহৰূখৰ ছবিখন তাৰেই এক উদাহৰণ।