প্ৰেম এক অনুভূতি। কিন্তু ইয়াৰ চৰিত্ৰ বহুমাত্ৰিক। কেতিয়াবা পোহৰ, কেতিয়াবা আন্ধাৰ। কেতিয়াবা শৰীৰ, কেতিয়াবা আকৌ মন। ভেলেণ্টাইনছ ডে’ উপলক্ষ্যে পৃথিৱী প্ৰেমত মচগুল। এনে সময়ত, প্ৰেমেই যাৰ চালিকাশক্তি সেই বলীউড পিছ পৰি ৰ’বনে?
প্ৰেমৰ ৰঙা আবিৰ সানি বলীউডেও আমালৈ লৈ আহিছে প্ৰেমৰ দুখন চৰ্চিত ছবি৷ দুয়োখনৰ বিষয় আৰু Treatment বেলেগ। অথচ দুয়োখনতে আছে প্ৰেমৰ ভিন্ন ৰূপ। বলীউড এতিয়া বহল আৰু উদাৰ হৈছে। বিষয়বস্তুক লৈ পৰীক্ষা কৰাটো কোনো কাৰণতে নিৰ্মাতাৰ বাবে চিন্তাৰ কাৰণ নহয়।
সেইবাবেই দীপিকা পাডুকনৰ ‘গেহৰাইয়া’ত আছে প্ৰেমৰ অন্ধকাৰ দিশটো৷ ৰাজকুমাৰ ৰাও আৰু ভূমি পেডনেকাৰৰ ‘বধাই দো’ত আছে প্ৰেমৰ স্বাধীনতাৰ প্ৰতি সামাজিক ভণ্ডামিৰ দিশটো৷
দীপিকা পাডুকনে মুখ্য চৰিত্ৰত অভিনয় কৰা আৰু সিদ্ধান্ত ভৰদ্বাজ তথা অনন্যা পাণ্ডেই আন দুটা মুখ্য চৰিত্ৰত অভিনয় কৰা ‘গেহৰাইয়া’ৰ কাহিনী পাতনিৰ পৰা শেহলৈ গতি কৰিছে প্ৰেম, বিশ্বাসঘাতকতা আৰু অপৰাধলৈ। পাৰিবাৰিক বুৰঞ্জীৰ বাবে অশান্ত এগৰাকী ব্যক্তি মানসিকভাৱে অত্যন্ত ক্ষণভঙ্গুৰ হৈ থাকিব পাৰে আৰু সেই দুৰ্বলতাৰ বাবে প্ৰথমে কৰা বিশ্বাসঘাতকতাৰ শুধৰণি নহ’বও পাৰে৷ বৰং ক্ৰমাৎ জটিল হৈ তেওঁ সোমাই পৰিব পাৰে অপৰাধৰ কুটিল জগতত৷ ‘গেহৰাইয়া’ত প্ৰেম আৰু বিশ্বাসঘাতকতাই শেষৰ পিনে অপৰাধকেন্দ্ৰিক থ্ৰিলাৰৰ ৰূপ লৈছে৷ ছবিখনে মুখ্য চৰিত্ৰ এলিশ্বাৰ বাবে সমবেদনা সৃষ্টি কৰিব বিচৰা নাই। ‘গেহৰাইয়া’ সম্পূৰ্ণৰূপে দীপিকাৰ ছবি। দীপিকা পাডুকন যে পুৰুষ শাসিত বলীউডত সবাতোকৈ শক্তিশালী অভিনেত্ৰী সেয়া তেওঁ এই ছবিখনৰ বলিষ্ঠ অভিনয়ে পুনৰ প্ৰমাণ কৰিছে৷ এলিশ্বা কোনো কাৰণতে bold চৰিত্ৰ নহয়, পৰিস্থিতিয়ে অনা পৰিৱৰ্তনখিনি বোধকৰো দীপিকাৰ প্ৰতিভাইহে এলিশ্বাৰ চৰিত্ৰটোক ন্যায় কৰিব পাৰিছে। একেধৰণৰ ধূসৰ চৰিত্ৰ জেইনক সাৱলীলভাৱে জীৱন্ত কৰিছে সিদ্ধান্ত চতুৰ্বেদীয়ে৷ ত্ৰিকোণ ছাছপেন্সৰ আনটো কোণ টিয়াৰ চৰিত্ৰত অনন্যা পাণ্ডেও সামৰ্থ্য অনুসৰি প্ৰাণৱন্ত৷
আনখন ছবি ‘বধাই দো’ত আকৌ ভাৰতীয় মধ্যবিত্ত যৌথ পৰিয়াল আৰু তেনে পৰিয়ালত সমকামী প্ৰেমৰ দশা বৰ্ণিত হৈছে। স্বাভাৱিকতে, তাত সামাজিক ভণ্ডামিলৈ প্ৰত্যাহ্বান থকাৰ লগতে দেশত সমকামিতাই বৈধতা লাভ কৰাৰ পাছতো এনে ব্যক্তিসকলৰ দুৰ্দশাই মূলসুঁতিৰ চিনেমাৰ দৃষ্টি আকৰ্ষণ কৰাটো অতি আশাব্যঞ্জক। ইয়াত নিজৰ সমকামী জীৱন গোপনে ৰাখিবলৈ এজন সমকামী পুৰুষ আৰু এগৰাকী সমকামী মহিলাই বিবাহত বহে৷ পুৰুষজন আৰক্ষী আৰু মহিলাগৰাকী PE teacher৷ দুয়োৰে এই marriage of convenienceৰ আঁৰৰ উদ্দেশ্য আছিল সমাজৰপৰা নিজৰ প্ৰকৃত পৰিচয় গোপনে ৰখা৷ ছবিখনে একমাত্ৰ নিজৰ পছন্দৰ জীৱন কটোৱাৰ ইচ্ছাৰ বাবেই এচাম মানুহ কিদৰে অমানৱীয় আচৰণৰ বলি হয় তাক হাস্যৰসেৰে দাঙি ধৰাৰ প্ৰয়াস কৰিছে৷ এই ছবিখনত পুৰুষতন্ত্ৰই মহিলা আৰু পুৰুষ উভয়পক্ষকে যে ক্ষতিগ্ৰস্ত কৰে তাকো বুজাবলৈ চেষ্টা কৰা হৈছে। কিন্তু সমস্যাটো হ’ল হাস্যৰসৰ নামত বলীউদৰ সীমাবদ্ধতা আঁতৰ নোহোৱাত ছবিখন ৰসোত্তীৰ্ণ নহ’ল।
শ্বাৰদুলৰ চৰিত্ৰত ৰাজকুমাৰ ৰাও অনবদ্য। চুমিৰ চৰিত্ৰত ভূমি পেডনেকাৰে নিজক typical চৰিত্ৰৰপৰা বাহিৰত নিয়াৰ সুন্দৰ চেষ্টা কৰিছে৷ মুঠৰ ওপৰত প্ৰেমৰ বতৰত বলীউডে দুখন ভিন্ন স্বাদৰ ছবি আমাক উপহাৰ দিছে।