নিউজ ডেস্কঃ মানৱ কম্পিউটাৰ খ্যাত ভাৰতৰ শকুন্তলা দেৱীৰ জীৱনীভিত্তিক চলচ্চিত্ৰ ‘শকুন্তলা দেৱী’ এমাজন প্ৰাইমত দৰ্শকৰ বাবে উপলব্ধ হৈছে৷ অনু মেনন পৰিচালিত এই চলচ্চিত্ৰখনত শকুন্তলা দেৱীৰ ভাওত অভিনয় কৰিছে বিদ্যা বালানে৷
১৯২৯ চনত জন্ম গ্ৰহণ কৰা শকুন্তলা দেৱী আছিল মানৱ কম্পিউটাৰ সদৃশ৷ ‘দা ৱৰ্ল্ড অব্ হম’ছেক্সুৱেলছ’ শীৰ্ষক গ্ৰন্থখনৰ প্ৰণেতা শকুন্তলা দেৱীয়ে ১৯৮২ চনত মাত্ৰ ২৮ ছেকেণ্ডত ৭,৬৮৬,৩৬৯,৭৭৪,৮৭০ × ২,৪৬৫,০৯৯,৭৪৫,৭৭৯ ৰ উত্তৰ প্ৰদান কৰি গীনিজ বুকত নাম প্ৰকাশ কৰিবলৈ সক্ষম হৈছিল৷
মাত্ৰ ছবছৰ বয়সতেই মহীশূৰ বিশ্ববিদ্যালয়ত নিজৰ গণিত শিক্ষাৰ প্ৰতিভা দাঙি ধৰিবলৈ সক্ষম হোৱা শকুন্তলা দেৱীৰ ২০১৩ চনৰ ২১ এপ্ৰিলত মৃত্যু হয়৷
চিত্ৰৰ উৎসঃ টুইটাৰ
#ShakuntalaDeviOnPrime is a great movie so.. inspirational and here is the vdio of real Shakuntla Devi.. https://t.co/mMYqE2veco
— Vishal Singh Vishu ♡ (@Vishalsinghaha) August 3, 2020
Can you catch up with the human computer? 👩🏫
Meet #ShakuntalaDeviOnPrime, now: https://t.co/Iu0tOi2Bre@vidya_balan @sanyamalhotra07 @Jisshusengupta @TheAmitSadh @anumenon1805 @sonypicsprodns @vikramix @Abundantia_Ent pic.twitter.com/YoD6Ukesgf
— amazon prime video IN (@PrimeVideoIN) July 30, 2020