শিলিখা বাৰীৰ ভুত ( ২ য় খণ্ড)
মিনি আৰু জান দুই ভনীয়েকে হঠাৎ শিলিখা জোপাৰ পৰা সৰি পৰা বস্তুটো দেখি আচৰিত হ’ল। দুয়ো ভয়ে ভয়ে আগবাঢ়ি গ’ল। দেখাত নীলা কাপোৰ এখন জিলিকি আছে। দুয়ো লাহে লাহে আগুৱাই গৈ হঠাৎ দেখিলে ভৱক। পঢ়াশালি যোৱা কাপোৰ পিন্ধিয়ে সি শিলিখা জোপাৰ ওপৰত উঠি আছিল।
জানে কলে অ মানে তই সদায় পঢ়াশালিলৈ যাম বুলি ইয়াতে লুকাই থাক? আৰু তই ওচৰ চুবুৰীয়া সকলোকে শিলিখা জোপাত ভূত আছে বুলি ভয় খুৱাই থাক ‘? ঐ জান বাই তই পিতাই হঁতক নকবি মোক মাৰিব। ডাঙৰ দাদাইটো জানিলে মই শেষ।
মিনিয়ে ক’লে তেন্তে পঢ়া শুনা নকৰি ইয়াত কিয় সোমাই থাক?
পঢ়াবোৰ টান পাওঁ মই। অংক টান বিজ্ঞানো টান। মই ভয় খাওঁ।
হ’ব হ’ব থ,
তেতিয়া ভাই কলে জান বাই মি বাৰু সদায় আহো তহঁত দুয়োজনী আজি ইয়াত কিয়?
এনেই আজি আমাৰো পঢ়িবলৈ মন যোৱা নাছিল মিনিয়ে কলে।
ব’ল ব’ল যি হ’ল হ’ল এতিয়া আমি খেলো। এইবুলি কৈ তিনিও খেলিবলৈ ধৰিলে।
খেলি খেলি দুুপৰীয়াই হ’ল, তেনে সময়তেই মিনিয়ে কলে জান বাই বৰ ভাগৰ লাগিছে, মোক কোচত তুলি নে।
তেতিয়া জানে ভৱক ক’লে, ঐ ভৱ তই এটা কাম কৰিবি নদীখন পাৰ হৈ খেৰখিনিৰ তলত আমাৰ কিতাপৰ বস্তা দুটা থোৱা আছে তই লৈ লবি মই মিনিক পিঠিত উঠাই লওঁ।
হ’ব জান বাই।
তেনেতে জানে মিনিক পিঠিত উঠাই লৈ নৈখন পাৰ হৈ ঘৰমূৱা হ’ল। বাটে বাটে মিনিয়ে জানক কৈ আহিছে
ঐ জান বাই তাৰমানে শিলিখাবাৰীত ভূত নাই! গাঁৱৰ মানুহবোৰে এনেয়ে ভয় খাই থাকে।
অ হয় তই ঠিকেই কৈছ আমি মানুহবোৰৰ ভয়বোৰ ভাঙি দিম দেই…
তেনেতে ভৱই মাত লগালে ঐ জান বাই কিতাপবোৰ ললো দেই…..
( অহা দেওবাৰে পুনৰ এটা নতুন কাহিনীৰে লৈ আহিম এটা নতুন কাহিনী। শুনিবলৈ আৰু পঢ়িবলৈ নাপাহৰিব অহা দেওবাৰে চেংকন)
ইতি
তোমালোকৰ
মৌ মাহী