গুৰু-শিষ্যৰ পবিত্ৰ সম্পৰ্কক অধিক দৃঢ় কৰিবলৈ প্ৰতি বছৰে সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্মদিনটোত দেশজুৰি পালন কৰা হয় শিক্ষক দিৱস। ৰাজ্যৰ সকলো শৈক্ষিক প্ৰতিস্থানত শিক্ষক দিৱস পালন কৰাৰ দৰে গুৱাহাটী মহানগৰীৰ নাৰেংগী বীৰকুছিস্থিত তুলিকা নৃত্যাঞ্জলি কলাকেন্দ্ৰতো ৫ ছেপ্টেম্বৰ আৰু আজি দুদিনীয়াকৈ পালন কৰা হয়। ৫ ছেপ্টেম্বৰত নৃত্য বিদ্যালয়খনৰ সকলো গুৰুকে শিষ্যসকলে সেৱা কৰি আশীৰ্বাদ গ্ৰহণ কৰাৰ লগতে বিভিন্ন উপহাৰ প্ৰদান কৰে।
অধ্যক্ষ তুলিকা ভূঞা বৰুৱাই আঁত ধৰা অনুষ্ঠানত প্ৰশিক্ষাৰ্থীসকলে নৃত্য প্ৰদৰ্শন কৰে। পদ্মশ্ৰী ঘনকান্ত বৰা, হেমেন শৰ্মা, কস্তুৰী কাশ্যপ, সংঘমিত্ৰা আৰু সূৰয শিক্ষক দিৱসক অধিক বৰ্ণিল কৰি তোলে। আনহাতে আজি দ্বিতীয় দিনাও প্রতিষ্ঠানখনৰ শিক্ষাৰ্থী সকলে নৃত্য, গীত পৰিৱেশন কৰি উপস্থিত সকলোকে আপ্লুত কৰে।