উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰত এক শোকাৱহ দুৰ্ঘটনা সংঘটিত হয়।
মুখত মোবাইলৰ বেটাৰী বিস্ফোৰণ হৈ ১২ বছৰীয়া এটি কিশোৰৰ মৃত্যু হয়।
এই দুৰ্ঘটনাটো বিগত সপ্তাহত হালিয়া আৰক্ষী চাৰ্কলৰ অন্তৰ্গত মটবাৰ গাঁৱত সংঘটিত হয়।
এই শোকাৱহ দুৰ্ঘটনাটো তেতিয়া সংঘটিত হয় যেতিয়া কিশোৰটিয়ে ‘জুগাৰ’ চাৰ্জাৰেৰে চাৰ্জ কৰি আছিল।
বেটাৰীৰ পাৱাৰ চেক কৰাৰ সময়তে এই বিস্ফোৰণ হয়।
ষষ্ঠ শ্ৰেণীত ছাত্ৰ আছিল মনু
মৃত ছাত্ৰজনৰ পৰিচয় ষষ্ঠ শ্ৰেণীৰ মনু বুলি জানিব পৰা গৈছে।
জানিবলৈ দিয়া অনুসৰি, মনু নিজৰ মোবাইলত চাৰ্জ দি আছিল।
মনুই যেতিয়া মোবাইলৰ বেটাৰী চেক কৰি আছিল, সেই সময়তে বেটাৰীটো বিস্ফোৰণ হয়। বেটাৰী বিস্ফোৰণ হৈ মনুৰ মুখত গুৰুতৰ আঘাত পায়।
বিস্ফোৰণৰ শব্দ শুনি পৰিয়ালৰ লোকসকল তাৰ কোঠাত উপস্থিত হয় আৰু তাক তেজেৰে লুতুৰি-পুতুৰি থকা অৱস্থাত প্ৰত্যক্ষ কৰে।
পৰিয়ালৰ লোকে তাৎক্ষণিকভাৱে মটবাৰৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ লৈ যায়, য’ত তাক মৃত বুলি ঘোষণা কৰে। পিছত আৰক্ষীক খবৰ নিদিয়াকৈ মনুক অন্তিম সংস্কাৰ কৰি দিয়ে।
Photo: ABP News