তাৰকা ৰজনীকান্তে লাভ কৰিলে চিনেমা জগতৰ শ্ৰেষ্ঠ বঁটা ৫০তম দাদাচাহেব ফাল্কে বঁটা।
১৯৬৯ চনৰ পৰা ভাৰতীয় চিনেমা জগতৰ পিতৃ খ্যাত ধুন্দিৰাজ গোবিন্দ ফাল্কেৰ নামত এই বঁটা প্ৰদান কৰি আহিছে।
এই বঁটাত উপহাৰ হিচাপে দিয়া হয় সোণৰ পদুম আৰু নগদ ১০ লাখ টকা।
এইবাৰ এই বঁটা লাভ কৰিলে ৭০ বছৰীয়া দক্ষিণ ভাৰতৰ শ্ৰেষ্ঠ অভিনেতা ৰজনীকান্তে।
জানিব পৰা অনুসৰি ৰজনীকান্তে ১৬০ৰো অধিক চিনেমাত অভিনয় কৰিছে ।
লগতে ২০০০ চনত পদ্ম ভূষণ আৰু ২০১৬ চনত পদ্ম বিভূষণ সন্মানেৰে সন্মানিত হৈছিল অভিনেতা গৰাকী।
ইয়াৰ উপৰিও অভিনেতা গৰাকীয়ে অভিনয়ৰ বাবে বিভিন্ন ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰিছে।
Photo Credit: Google