সীমান্ত নিৰাপত্তা বাহিনীৰ (BSF) আজাৰা পাটগাঁওস্থিত গুৱাহাটী ফ্ৰন্টিয়াৰ মুখ্য কাৰ্যালয়ৰ অধীনৰ ভাৰত – বাংলাদেশ আন্তৰ্জাতিক সীমান্ত সুৰক্ষিত হৈ আছে নে নাই তাৰ পৰ্যালোচনা কৰিবৰ বাবে আজি বাহিনীটোৰ কলকাতাস্থিত ইষ্টাৰ্ণ কমাণ্ডৰ অতিৰিক্ত সঞ্চালক প্ৰধান ৰবি গান্ধীয়ে ধুবুৰী চেক্টৰ আৰু গাতে লগা পশ্চিমবংগৰ কোচবিহাৰ চেক্টৰৰ সীমান্ত পৰিদৰ্শন কৰে। পৰিদৰ্শন কালত ৰবি গান্ধীক সংগ দিয়ে BSFৰ গুৱাহাটী ফ্ৰন্টিয়াৰৰ মহা পৰিদৰ্শক দীনেশ কুমাৰ যাদৱে।
আনহাতে পৰিদৰ্শন কালত অতিৰিক্ত সঞ্চালক প্ৰধান ৰবি গান্ধীয়ে ধুবুৰী আৰু কোচবিহাৰ চেক্টৰৰ অধীনৰ কেবাটাও সীমান্ত নিৰীক্ষণ চকী পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লোৱাৰ লগতে পহৰাৰত জোৱানৰ সৈতে মত – বিনিময় কৰে। তেনেদৰে সৈনিক সন্মিলনত ভাগ লৈ বিষয়া – জোৱান সকলক উদেশ্যি ৰবি গান্ধীয়ে ভাষণ প্ৰদান কৰাৰ লগতে তেঁওলোকৰ কৰ্তব্যনিষ্ঠাৰ শলাগ লয় ৰবি গান্ধীয়ে।