আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে বুধবাৰে অসম গণ পৰিষদে মুকলি কৰিলে নিৰ্বাচনী ইস্তাহাৰ।
ৰাজ্য সভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই মুকলি কৰিলে এই ইস্তাহাৰখন।
কি কি আছে এই ইস্তাহাৰখনত-
১. অসম চুক্তি ৰূপায়ণঃ বিদেশী নাগৰিকৰ সমস্যাটোৱেই হৈছে অসমৰ প্ৰধান সমস্যা।
এই সমস্যা সমাধানৰ বাবেই অসম চুক্তি সম্পাদিত হৈছিল।
অসম চুক্তি সফল ৰূপায়ণৰ বাবে অগপৰ জন্ম হৈছে।
গতিকে অসম চুক্তিৰ পূৰ্ণাংগ ৰূপায়ণ আমাৰ দলৰ প্ৰথম আৰু প্ৰধান লক্ষ্য।
অসম চুক্তিৰ ৬নং দফাৰ অধীনত খিলঞ্জীয়া লোকখিনিৰ ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক অধিকাৰ সুৰক্ষাৰ ব্যৱস্থা কৰাটো আমি দায়বদ্ধ।
২. নিবনুৱা সমস্যাঃ কেৱল চৰকাৰী খণ্ডৰ নিয়োগ ব্যৱস্থাৰ দ্বাৰা অসমৰ সকলো খিলঞ্জীয়া শিক্ষিত যুৱক-যুৱতীক নিয়োগৰ ব্যৱস্থা কৰাটো সম্ভৱ নহয়।
সেয়ে অগপই স্থানীয় সম্পদৰ ভিত্তিত উদ্যোগ স্থাপনৰ লগতে ব্যৱসায়-বাণিজ্যৰ জৰিয়তে কৰ্ম-সংস্থাপনত গুৰুত্ব প্ৰদান কৰিব।
৩. অৰ্থনৈতিক উন্নয়নঃ অগপই ৰাজ্যখনৰ ভৱিষ্যৎ অৰ্থনৈতিক উন্নয়নৰ বাবে সুনিৰ্দিষ্ট পৰিকল্পনা যুগুত কৰি সেয়া কাৰ্যকৰী কৰাৰ ব্যৱস্থা কৰিব।
৪. কৃষি উন্নয়নঃ কৃষি উন্নয়নৰ বাবে আধুনিক আহিলা-পাতি আৰু বৈজ্ঞানিক পদ্ধতিৰে কৃষি কৰ্মত গুৰুত্ব প্ৰদান কৰিব।
কৃষকে সহজে ঋণ লাভ কৰাৰ নীতি প্ৰৱৰ্তন কৰিব।
৫. বানপানী নিয়ন্ত্ৰণঃ বানপানীৰ সমস্যা সমাধানৰ বাবে বিশেষকৈ ব্ৰহ্মপুত্ৰ আৰু বৰাক এই দুয়োখন নদীৰ পানী নিয়ন্ত্ৰণ কৰাৰ বাবে উন্নত প্ৰযুক্তিবিদ্যাৰ ব্যৱহাৰৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব অগপই।
৬. ভাষা আৰু সংস্কৃতিৰ উন্নয়নঃ অসম গণ পৰিষদ দলে অসমীয়া ভাষা-সংস্কৃতিৰ লগতে সকলো থলুৱা ভাষা-সংস্কৃতিৰ উন্নয়নৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব।
৭. শিক্ষা, স্বাস্থ্য, অৰ্থনৈতিকভাৱে পিছপৰা শ্ৰেণীৰ উন্নয়ন, শিশু আৰু মহিলাৰ বাবে বিশেষ আঁচনি, ছাত্ৰ আৰু যুৱ কল্যাণ, উদ্যোগ আৰু যাতায়ত আৰু দুৰ্নীতি নিবাৰণৰ লগতে বিভিন্ন সমস্যাৰ ওপৰত মুকলি কৰে এই ইস্তাহাৰখন।
Photo: Google