বিগত পোন্ধৰ বছৰে অসমৰ গাদী দখল কৰি থকা কংগ্ৰেছ দলে আগন্তুক বিধানসভা নিৰ্বাচনত পুনৰ শাসনলৈ আহিবলৈ পাঁচটা গেৰাণ্টী ৰাইজক দিবলৈ বিচাৰিছে৷
এয়া যেন এক ৰাইজৰ সৈতে চুক্তি৷ আপোনালোকে আমাক ভোট দিয়ক, আমি আপোনালোকক গেৰাণ্টী দিছো৷
ঠিক আছে, মানি ল’লো কংগ্ৰেছৰ গেৰাণ্টী৷ কিন্তু সেই গেৰাণ্টী দলটোৱে পূৰণ কৰিব পাৰিব নে সেয়াহে হৈছে এক সাঁথৰ৷
গেৰাণ্টী কেইটা কি কি?
প্ৰথম গেৰাণ্টীঃ কা বাতিলৰ গেৰাণ্টী৷
কা ইতিমধ্যেই দেশৰ উভয় সংসদত গৃহীত হৈছে৷
সেইখন বাতিল কৰিবলৈ কংগ্ৰেছৰ লোকসভা অথবা ৰাজ্যসভাত সংখ্যাগৰিষ্ঠতাই নাই৷
গতিকে এয়া ভুৱা প্ৰতিশ্ৰুতি নহ’ল নে?
দ্বিতীয় গেৰাণ্টীঃ চাহ শ্ৰমিকক ৩৬৫ টকা দৈনিক মজুৰিৰ গেৰাণ্টী৷
ইতিমধ্যেই বিজেপি চৰকাৰে মজুৰি বৃদ্ধি কৰাৰ লগে লগে চাহ কোম্পানীৰ মালিকসকল আদালতৰ দ্বাৰস্থ হৈছে৷ অসমৰ ৰাজহৰ এক বৃহৎ অংশ চাহ কোম্পানীসমূহৰ পৰাই আহে৷ তেনেস্থলত কংগ্ৰেছে বৃহৎ পুঁজিপতি গোষ্ঠীৰ সৈতে যুঁজ দিব পাৰিব নে?
তৃতীয় গেৰাণ্টীঃ ২০০০ টকাকৈ মাহে গৃহিণীলৈ গেৰাণ্টী৷ ক’ৰোনাই অসমৰ লগতে সমগ্ৰ দেশৰে অৰ্থনীতি কোঙা কৰি থৈছে৷
গৃহিণীসকলক ২০০০ টকাকৈ দিবলৈ এখন আঁচনি প্ৰৱৰ্তন কৰিব লাগিব ৷
ৰাজ্যৰ বিত্তীয় অৱস্থালৈ চাই আগন্তুক কেইবা বৰ্ষতো যে এয়া সম্ভৱ হ’ব, তাত এক প্ৰশ্নৰ অৱকাশ হৈছে৷
চতুৰ্থ গেৰাণ্টীঃ ২০০ ইউনিটলৈ মাহিলী বিনামূলীয়া বিজুলীৰ গেৰাণ্টী ৷
অসম চৰকাৰে বৃহৎ পৰিমাণৰ বিদ্যুৎ বাহিৰৰ পৰা বৰ্তমানে ক্ৰয় কৰি আছে ৷
ৰাজ্যত উৎপাদন হোৱা বিদ্যুতে ৰাইজৰ চাহিদা পূৰণত অক্ষম ৷
বিদ্যুৎ ক্ৰয়ৰ বাবে শক্তি বিভাগক বাজেটৰ পৰা ধনৰ কোনো আৱণ্টনো দিয়া নহয় ৷
তেনেস্থলত ২০০ ইউনিট বিদ্যুৎ বিনামূলীয়াকৈ যোগান কোনটো অংকৰ ভিত্তিত কংগ্ৰেছে ঠিৰাং কৰিছে সেয়া এক লাখটকীয়া প্ৰশ্ন ৷
পঞ্চম গেৰাণ্টীঃ ৫ লাখ চৰকাৰী চাকৰিৰ গেৰাণ্টী৷ ৫ লাখ লোকৰ নতুন নিয়োজন অৰ্থাৎ নিয়োজিত ব্যক্তিসকলৰ বাবে দৰমহা তথা অন্যান্য পাৰিতোষিকৰ বাবে চৰকাৰে ব্যয় কৰিব লাগিব এক বৃহৎ সংখ্যক ধন৷ তাৰোপৰি ইয়াৰ বাবে লাগিব বিত্ত বিভাগৰ অনুমোদন৷ ৰাজকোষত এই বৃহৎ পৰিমাণৰ পৰিশোধৰ বাবে ধন আছে নে নাই সেয়া কংগ্ৰেছে পৰীক্ষা কৰি চোৱা উচিত৷
নিৰ্বাচনী ইস্তাহাৰৰ দ্বিতীয় পৃষ্ঠাত বৰ বৰ হৰফেৰে প্ৰকাশ কৰা এই পাঁচটা গেৰাণ্টী কংগ্ৰেছে কিদৰে পূৰণ কৰিব পাৰিব সেয়া এই মুহূৰ্তত এক বৃহৎ সাঁথৰ ৷
ৰাইজক অলৌকিক সপোন দেখুৱাই নিৰ্বাচনী বৈতৰণী পাৰ হ’ব খোজাটো ৰাজনৈতিক দলসমূহৰ বাবে নিত্য-নৈমিত্তিক কথা ৷
এনে ক্ষেত্ৰত ৰাইজে কি সিদ্ধান্ত গ্ৰহণ কৰে সেয়া প্ৰকাশ পাব ২ মে’ত ৷
Photo: Google