জম্মু-কাশ্মীৰৰ শ্ৰীনগৰৰ লাৱইপোৰা এলেকাত CRPFৰ জোৱানৰ ওপৰত সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰে।
সন্ত্ৰাসবাদীয়ে জোৱানৰ কনভয়ত অতৰ্কিতে গুলীচালনা কৰে।
এই গুলীচালনাত ৪জন জোৱান গুৰুতৰভাৱে আহত হয়।
আহত জোৱানকেইজনক সমীপৰে হাস্পতালত ভৰ্তি কৰোৱা হয়।
জানিবলৈ দিয়া অনুসৰি চিকিৎসাৰ সময়ছোৱাত দুজনে প্ৰাণ হেৰুৱাই আৰু বাকী ২জনৰ অৱস্থা যথেষ্ট সংকটজনক।
ঘটনাটোৰ পিছত সুৰক্ষাকৰ্মীয়ে সমগ্ৰ এলেকাটো ঘেৰাও কৰে আৰু সন্ধান অভিযান আৰম্ভ কৰে।
IG বিজয় কুমাৰে টুইটাৰযোগে জনালে যে, এই আক্ৰমণৰ আঁৰত আছে সন্ত্ৰাসবাদী সংগঠন লস্কৰ-এ-তয়বা।
IG Kashmir Vijay Kumar issues a correction, says, "One CRPF personnel martyred and three injured. LeT involved in this attack."
(File photo) pic.twitter.com/v4Tlsg7KkH
— ANI (@ANI) March 25, 2021
আৰু পঢ়কঃ http://home-minister-amit-shah-addresses-public-meeting-in-purulia
Photo Credit: Google