আজি ৰাজ্যৰ ৩৯টা সমষ্টিত বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটদান প্ৰক্ৰিয়া আৰম্ভ হয়।
পুৱা ৭ বজাৰ পৰা আৰম্ভ হয় ভোটদান প্ৰক্ৰিয়া।
বিয়লি ৩ বজালৈ ৰাজ্যত ৫৯.১৫ শতাংশ ভোটদান সম্পন্ন হয়।
জিলা ভিত্তিত চাবলৈ যাও তেন্তে ৩ বজালৈ দ্বিতীয় পৰ্যায়ৰ ভোটৰ হাৰ ক্ৰমে-
ৰহাত- ৬৭.১শতাংশ
নগাঁৱত- ৬৫.০৯ শতাংশ
বঢ়মপুৰত- ৬৮.০১ শতাংশ
দলগাঁৱত- ৬৮.৫০শতাংশ
কলাইগাঁৱত- ৬৬.২০শতাংশ
মঙলদৈত- ৬৭.২০ শতাংশ
ছিপাঝাৰত- ৬৮.০০ শতাংশ
বৈঠালাংছ’ত- ৫৭.২ শতাংশ
লাহৰীঘাটত- ৬৩.৪ শতাংশ ভোটদান সম্পন্ন।
নিৰ্বাচনৰ আয়োগে জনোৱা অনুসৰি, ৩৯টা সমষ্টিত আছে সৰ্বমুঠ ৭৩,৪৪,৬৩১গৰাকী ভোটাৰ।
ইয়াৰে ৩৭,৩৪,৫৩৭ গৰাকী পুৰুষ ভোটাৰ। সেইদৰে মহিলা ভোটাৰৰ সংখ্যা ৩৬,০৯,৯৫৯গৰাকী।
লগতে ১৩৫ গৰাকী তৃতীয় লিংগৰ ভোটাৰ বুলি জানিবলৈ দিয়ে নিৰ্বাচনী আয়োগে।
Photo: Google