পশ্চিম বংগত নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ মাজতে মুখ্য়মন্ত্ৰী মমতা বেনাৰ্জী হুইল চেয়াৰত বহি নন্দীগ্ৰামৰ এটা ভোটকেন্দ্ৰত উপস্থিত হয় আৰু ভোটকেন্দ্ৰটোৰ পৰ্যবেক্ষণ কৰে।
মমতাই উত্থাপন কৰিলে অভিযোগ
পৰ্যবেক্ষণৰ সময়ছোৱাত মমতাই অভিযোগ উত্থাপন কৰে যে, ভোটকেন্দ্ৰত ভালদৰে ভোটদান প্ৰক্ৰিয়া চলি থকা নায়।
তাত উপস্থিত হোৱা কিছুমান বাহিৰৰ লোকে স্থানীয় লোকক ভোটদান কৰিবলৈ দিয়া নায়।
ইয়াৰ বিষয়ে মমতাই নিৰ্বাচনী আয়োগৰ বিষয়াসকলকো জনায়।
ইয়াৰ পিছত তেওঁ ভোটকেন্দ্ৰটোৰ পৰাই পশ্চিমবংগৰ ৰাজ্যপালক ফোন কৰে আৰু বংগত নিৰপেক্ষ নিৰ্বাচন কৰোৱাৰ আহ্বান জনায়।
ৰাজ্যপালে টুইটাৰযোগে দিলে উত্তৰ
বেনাৰ্জীৰ অভিযোগৰ পিছত ৰাজ্যপাল জগদীপ ধনখৰে টুইটাৰযোগে ক’লে যে,
‘মমতা বেনাৰ্জীয়ে এক চিন্তা প্ৰকাশ কৰিছে, মই তেওঁক উচিত ব্যৱস্থা গ্ৰহণৰ প্ৰতিশ্ৰুতি দিছো।
আশা কৰো যে, উচিত ভাৱধাৰাৰে কাম হওক, যাতে লোকতন্ত্ৰ আগবাঢ়ি যায়।
https://twitter.com/jdhankhar1/status/1377551766967885828?s=20
TMC আৰু BJPৰ মাজত সংঘৰ্ষ
সেই সময়ছোৱাতে মমতাৰ সন্মুখতে ভোটকেন্দ্ৰত TMC আৰু BJPৰ কৰ্মীৰ মাজত সংঘৰ্ষ হয়।
ইয়াৰ পিছত পেৰা সেনাবাহিনী পৰিস্থিত নিয়ন্ত্ৰণ কৰে আৰু কাজিয়া সমাপ্ত কৰে।
উল্লেখ্য বিজেপি কৰ্মীয়ে ‘জয় শ্ৰী ৰাম’ ধ্বনি দি আছিল আৰু তেতিয়াই TMCৰ কৰ্মীয়ে হতাহতি কৰে।
Photo Credit: The Indian Express