আজি ৰাজ্যত নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটদান কাৰ্যসূচী আৰম্ভ হয়।
পুৱা ৭ বজাৰ পৰা প্ৰতিটো ভোটকেন্দ্ৰতে শাৰী শাৰী পাতি ৰাইজে ভোটাধিকাৰ সাব্য়স্ত কৰে। দুপৰীয়া ১ বজালৈ ৪৮.২১ শতাংশ ভোটদান সাব্যস্ত।
প্ৰথম পৰ্যায়ৰ ৪৭টা সমষ্টিত শান্তিপূৰ্ণভাৱে নিৰ্বাচন সম্পন্ন হোৱাৰ পিছত আজি সৰ্বমুঠ ৩৯টা সমষ্টিত অনুষ্ঠিত হয় দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ।
আজিৰ দিনটোত ইভিএমত বন্দী হ’ব মুঠ ৩৪৫ গৰাকী প্ৰাৰ্থীৰ ভাগ্য ৷
আজিৰ দিনটোতে EVMত বন্দী হ’ব ৰাজ্যৰ ৫ গৰাকীকৈ মন্ত্ৰীৰ ভাগ্য।
মন্ত্ৰী পৰিমল শুল্কবৈদ্য, ভৱেশ কলিতা, পীয়ুষ হাজৰিকা, চুম ৰংহাং আৰু ৰিহন দৈমাৰীৰ।
নিৰ্বাচনৰ আয়োগে জনোৱা অনুসৰি, ৩৯টা সমষ্টিত আছে সৰ্বমুঠ ৭৩,৪৪,৬৩১গৰাকী ভোটাৰ।
ইয়াৰে ৩৭,৩৪,৫৩৭ গৰাকী পুৰুষ ভোটাৰ।
সেইদৰে মহিলা ভোটাৰৰ সংখ্যা ৩৬,০৯,৯৫৯গৰাকী। লগতে ১৩৫ গৰাকী তৃতীয় লিংগৰ ভোটাৰ বুলি জানিবলৈ দিয়ে নিৰ্বাচনী আয়োগে।
Photo: Headline8