মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত দেওবাৰে জনতা ভৱনত ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠক (cabinet meeting) অনুষ্ঠিত হয়। কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকৰ অন্তত সংবাদমেলযোগে কেবিনেটৰ সিদ্ধান্তসমূহ অৱগত কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি দুগ্ধ উৎপাদন বৃদ্ধিৰ বাবে অসম চৰকাৰ আৰু নেচনেল ডেইৰী ডেভেলপমেণ্ট বোৰ্ডৰ এটা জইণ্ট ভেন্সাৰ কোম্পানী কৰা হ’ব। এই কোম্পানীটোৰ যোগেদি নতুনকৈ যোৰহাট আৰু ডিব্ৰুগড়ত দুটা দুগ্ধ উৎপাদন প্ৰকল্প স্থাপন কৰা হ’ব। দুখনকৈ নতুন বিশ্ববিদ্যালয় স্থাপনৰ ক্ষেত্ৰতো অনুমোদন জনায় কেবিনেটে।
In today’s #AssamCabinet, we took a host of decisions with regard to clearing backlog of cases in courts, establishment of new universities, roadmap on disaster risk reduction, upgrading polytechnics & ITIs, streamlining land acquisition, filling up posts of Bodo teachers, etc. pic.twitter.com/HDBrGTBDqH
— Himanta Biswa Sarma (Modi Ka Parivar) (@himantabiswa) September 11, 2022
ইফালে আজাৰাত স্থাপন হ’ব গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়। প্ৰাগজ্যোতিষ বিশ্ববিদ্যালয় হাজংবাৰীত স্থাপন কৰা হ’ব। সেইদৰে সাধাৰণ গোচৰ নিষ্পত্তিৰ বাবে কেবিনেটত গ্ৰহণ কৰা হৈছে সিদ্ধান্ত। সাধাৰণ গোচৰসমূহ শীঘ্ৰে কৰা হ’ব নিষ্পত্তি। আজিৰ তাৰিখত ৪.১৯ লাখ গোচৰ অমীমাংসিত হৈ আছে। দুখন নতুন বিশ্ববিদ্যালয়ৰ অনুমোদন ৰাজ্যিক কেবিনেটৰ সৰু সৰু ধাৰাৰ পৰি থকা সাধাৰণ গোচৰসমূহ উঠাই লোৱাৰ লগে লগে গোচৰৰ সংখ্যা কমি ১ লাখ হ’ব। ইয়াৰ ফলত আদালতৰ বোজা বহুগুণে হ্ৰাস পাব।
ৰাজ্যৰ ৩৪ খন পলিটেকনিক আৰু ৪৩ খন ITI ৰ আন্তঃগাঁঠনি নিৰ্মাণ কৰা হ’ব। ইয়াৰ বাবে আজিৰ কেবিনেটে ৩৬৬ কোটি টকাৰ অনুমোদন জনায়। আনহাতে, নিৰ্মীয়মান নলবাৰী মেডিকেল কলেজৰ বাবে আজিৰ কেবিনেটে নতুনকৈ ৩৯৭ কোটি টকাৰ অনুমোদন জনায়। কেবিনেটত দুৰ্যোগ ব্যৱস্থাপনাৰ ক্ষেত্ৰত নতুন নীতি গ্ৰহণ কৰা হৈছে। দুৰ্যোগ প্ৰশমনৰ বাবে বাজেটত নতুনকৈ অতিৰিক্ত ধন ধাৰ্য কৰা হৈছে।