শনিবাৰে অসম বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ভোটদানৰ হাৰ বিয়লি ৩ বজালৈ ৪৭. ১০ শতাংশ। ৪৭ সমষ্টিত ভোটগ্ৰহণ প্ৰক্ৰিয়া অব্যাহত আছে।
বৰ্তমানলৈ বিশ্বনাথ সমষ্টিটোৰ ভোটদানৰ হাৰ আটাইতকৈ অধিক আৰু আনফালে ডিব্ৰুগড় সমষ্টিৰ ভোটদানৰ হাৰ আটাইতকৈ কম।
অসম আৰু পশ্চিমবংগত পুৱা ৭ বজাৰ পৰা আৰম্ভ হয় প্ৰথম পৰ্যায়ৰ নিৰ্বাচন।
বৰ্তমানেও অব্যাহত আছে ভোটদান প্ৰক্ৰিয়া।
প্ৰথম পৰ্যায় ভোটদান প্ৰক্ৰিয়াত ৮১,০৯,৮১৫ গৰাকী ভোটাৰে ভোট সাব্যস্ত কৰিব।
এই ভোটাৰসকলৰ ভিতৰত ৪০,৭৭,২১০ গৰাকী পুৰুষ আৰু ৪০,৩২,৪৮১ গৰাকী মহিলা ভোটাৰ।
এইবাৰৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা ২৬৪ গৰাকী প্ৰাৰ্থীৰ ভিতৰত মাত্ৰ ২৩ গৰাকীহে মহিলা প্ৰাৰ্থী।
Photo Credit: Headline8