পশ্চিমবংগত বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটিং অব্যাহত।
ইয়াৰ মাজতে বিজেপিয়ে এটা অডিঅ’ টেপ প্ৰকাশ কৰিলে।
তাত দাবী কৰিছে যে, তৃণমূল কংগ্ৰেছৰ অধ্যক্ষ মমতা বেনাৰ্জীয়ে নন্দীগ্ৰাম সমষ্টিত জয় সাব্যস্ত কৰিবলৈ বিজেপিৰ জ্যেষ্ঠ নেতাৰ পৰা সহায়ৰ আহ্বান জনাইছে আৰু TMCত উভতি আহিবলৈ আহ্বান জনাইছে।
পৰাজয়ৰ ভয়ে গ্ৰাস কৰিছে মমতাক
এই আলোচনা মমতা বেনাৰ্জী আৰু বিজেপিৰ নেতা প্ৰলয় পালৰ মাজত ফোনত হয় আৰু এইটো ৰেকৰ্ড কৰি লোৱা হয়।
এই বাৰ্তালাপত মমতা বেনাৰ্জীয়ে তামলুকৰ বিজেপি জিলা উপাধ্যক্ষৰ পৰা সহায় বিচাৰি আছে নিৰ্বাচনত বিজয় সাব্যস্ত কৰিবলৈ।
বিজেপিয়ে টুইটাৰযোগে লিখিলে, ‘মমতা দিদিয়ে জিলাৰ বিজেপি উপাধ্যক্ষক ফোন কৰি সহায়ৰ আহ্বান জনাইছে। তেওঁ এইবাৰ নন্দীগ্ৰামত পৰাজয় হ’ব।
তেওঁৰ ভয় ফোনত স্পষ্টভাৱে ধৰিব পাৰি।
বিজেপিয়ে এইটোও দাবী জনাইছে যে, বাৰ্তালাপত মমতাই মান্তি হৈছে যে, নন্দীগ্ৰামত পূৰ্বে হোৱা হিংসাৰ আঁৰত আছে TMCৰ লোক।
বিজেপিৰ সৈতে নকৰো বিশ্বাসঘাতকতা
প্ৰলয় পালে বিজেপিৰ সৈতে বিশ্বাসঘাতকতা কৰাৰ পৰা অমান্তি হয়। ভাইৰেল ভিডিঅ’ত পালে কয় যে, মই প্ৰাণ দিও দলৰ লগত থাকিম।
আপুনি ইমান ডাঙৰ নেত্ৰী হৈও মোক ফোন কৰিছে। ইয়াৰ বাবে বহুত বহুত ধন্যবাদ।
Photo Credit: Google