চেঙা সমষ্টিৰ AIUDFৰ প্ৰাৰ্থী আশ্ৰাফুল হুছেইনৰ হকে প্ৰচাৰ কৰিবলৈ সোমবাৰে চেঙাত উপস্থিত হৈছিল AIUDF দলৰ সভাপতি বদৰুদ্দিন আজমল।
মাদ্ৰাছা চকত নিশা এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে বদৰুদ্দিন আজমলে।
বদৰুদ্দিন আজমলৰ মুখত প্ৰয়াত লিয়াকত আলী খানৰ নাম।
ভাষণৰ মাজতে ২০১৬ চনত কৰা ভুলৰ কথা স্বীকাৰ কৰে আজমলে।
২০১৬ চনৰ বিধানসভাৰ নিৰ্বাচনত প্ৰয়াত লিয়াকত আলী খানক এআইইউডিএফ দলৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰি শেষ মুহূৰ্তত খানৰ প্ৰাৰ্থিত্ব ৰহস্যজনকভাৱে কৰ্তন কৰিছিল বদৰুদ্দিন আজমলে।
যাৰ বাবে শুকুৰ আলী আহমেদে পুনৰ বিধায়ক হৈছিল।
২০১৬ চনত প্ৰয়াত লিয়াকত আলী খানৰ প্ৰাৰ্থিত্ব বাতিল কৰাটো এক দুৰ্ঘটনা আৰু ভুল হোৱা বুলি স্বীকাৰ কৰে আজমলে।
সেই ভুলৰ বাবে ৰাইজৰ ওচৰত ক্ষমা বিচাৰিলে বদৰুদ্দিন আজমলে।
হিমন্ত বিশ্ব শৰ্মাই বদৰুদ্দিন আজমলক মোগল বুলি কোৱা কথাষাৰৰ প্ৰত্যুত্তৰত বদৰুদ্দিন আজমল মোগল নেকি বুলি প্ৰশ্ন কৰে?
তেওঁ ক’লে যে, হিমন্ত বিশ্ব শৰ্মাই আবোল-তাবোল বকিছে।
চেঙা সমষ্টিৰ জ্ঞান নথকা আজমলে মিয়া কবিতা লিখা আশ্ৰাফুল হুছেইনক ডেৰ লাখ ভোট দি জয়যুক্ত কৰিবলৈ আহ্বান জনাইছে ৰাইজক।
উল্লেখ্য যে চেঙা সমষ্টিত ডেৰ লাখ ভোটেই নাই বুলি জানিব পৰা গৈছে।
Photo: Headline8