কেইবাখনো ৰাজ্যত দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিছে ক’ৰোনাত আক্ৰান্ত লোকৰ সংখ্যা।
ইয়াৰ মাজতে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে এপ্ৰিল মাহৰ বাবে জাৰি কৰিছে গাইডলাইন।
এই গাইডলাইনত মুখ্যভাৱে টেষ্ট, ট্ৰেক আৰু ট্ৰীটৰ ৰণনীতিক লৈ জোৰ দিয়া হৈছে।
লগতে টীকাকৰণ অভিযানক অধিক গুৰুত্ব প্ৰদান কৰাৰ কথা কোৱা হৈছে।
যিসমূহ ৰাজ্যত আৰপিচিআৰ পৰীক্ষাৰ সংখ্যা কম তাত বৃদ্ধি কৰাৰ উপদেশ প্ৰদান কৰা হৈছে।
গাইডলাইনত কোৱা হৈছে যে, যেতিয়া নতুনকৈ ক’ৰোনা আক্ৰান্ত লোকৰ বিষয়ে জানিবলৈ পাই তেতিয়া সেই সময়তে চিকিৎসা হওক আৰু লোকজনৰ ওপৰত নজৰ ৰখা হওক।
Contract tracingৰ জৰিয়তে সংস্পৰ্শত অহা লোকসকলক কোৱাৰেণ্টাইন কৰা হওক।
কণ্টেইনমেণ্ট জনৰ বিষয়ে কালেক্টৰৰ ৱেবছাইটত প্ৰকাশ কৰক আৰু কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে শ্বেয়াৰ কৰক।
গাইডলাইনত মাস্ক পৰিধান কৰা সামাজিক দূৰত্বৰ নিয়ম পালন কৰাৰ উচিত জৰিমণাৰ কথাও উল্লেখ কৰা হয়।
এইটো স্পষ্ট কৰি দিয়া হৈছে যে, আন্তঃৰাজ্য আৰু Intra state(আন ৰাজ্যত যোৱা)ক লৈ কোনো বাধা নাথাকিব।
যিসমূহ ৰাজ্যত টীকাকৰণ কম দিয়াক লৈও গাইডলাইনত চিন্তা প্ৰকাশ কৰে।
মহাৰাষ্ট্ৰ, পঞ্জাৱ, গুজৰাট, ছত্তীশগড়, কৰ্ণাটক আৰু তামিলনাডুত ক’ৰোনা আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি হৈ গৈয়ে আছে।
Photo: Google