আজি অসমৰ ১৫ সংখ্যক মুখ্যমন্ত্ৰী হিচাপ শপত গ্রহণ কৰিব ডঃ হিমন্ত বিশ্ব শৰ্মাই।
দিনৰ ১২ বজাত কলাক্ষেত্ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’ব শপত গ্ৰহণ কাৰ্যসূচী।
আজি শপত গ্ৰহণৰ পূৰ্বে পুৱাই ঈশ্বৰৰ ওচৰত আশীষ ল’লে হিমন্ত বিশ্ব শৰ্মাই।
প্ৰথমে নিজ সমষ্টিত থকা শুৱালকুছিস্থিত শ্ৰী শ্রী হাটীসত্ৰত আশীষ লয় হিমন্ত বিশ্ব শৰ্মাই।
শুৱালকুছিৰ শ্ৰীশ্ৰীঈশ্বৰ হাটী সত্ৰ দৰ্শণ কৰি সেৱা আগবঢ়ালোঁ ৷ পৰমেশ্বৰে ৰাজ্যখনৰ সকলোকে সুস্বাস্থ্য, শান্তি তথা সমৃদ্ধি প্ৰদান কৰাৰ লগতে ৰাজ্যখনৰ সৰ্বাঙ্গীন কল্যাণৰ হেতু কৃপাদৃষ্টি প্ৰদান কৰে যেন ৷ pic.twitter.com/uRnvkyNjZL
— Himanta Biswa Sarma (Modi Ka Parivar) (@himantabiswa) May 10, 2021
তাৰ পিছতে উত্তৰ গুৱাহাটীস্থিত দৌল গোবিন্দ মন্দিৰ
উত্তৰ গুৱাহাটীস্থিত শ্ৰীশ্ৰী দৌল গোবিন্দ মন্দিৰ আজি পুৱা দৰ্শন কৰি প্ৰণিপাত জনাই ৰাজ্যবাসীৰ সকলোৰে কুশল-মংগল কামনা কৰি প্ৰাৰ্থনা কৰিলোঁ ৷
মহাপ্ৰভুই সকলোকে কৃপা কৰক; সুখময়, সমৃদ্ধিময় হওক সকলোৰে জীৱন ৷ pic.twitter.com/4t1T0ibamM
— Himanta Biswa Sarma (Modi Ka Parivar) (@himantabiswa) May 10, 2021
আৰু শেষত মা কামাখ্যাৰ আশীষ লয় হিমন্ত বিশ্ব শৰ্মাই।
আজি পুৱা শক্তিপীঠ কামাখ্যা মন্দিৰ দৰ্শন কৰি ৰাজ্যখনৰ অবিৰত শান্তি আৰু বিকাশ কামনা কৰি দেৱীমাৰ চৰণত প্ৰাৰ্থনা জনালোঁ ৷
পৰম কৃপাময়ী দেৱীমাৰ আশিস অসমবাসীৰ ওপৰত সদায়েই যেন বৰষি থাকে তাকেই কামনা কৰিলোঁ ৷ pic.twitter.com/RKzGzGnUVc
— Himanta Biswa Sarma (Modi Ka Parivar) (@himantabiswa) May 10, 2021
ক’ৰোনা নীতি নিৰ্দেশনা পালন কৰি শপত গ্ৰহণ পূৰ্বে ঈশ্বৰৰ আশীষ গ্ৰহণ কৰিলে নৱনিযুক্ত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।
Photo Credit: Twitter