শনিবাৰে পুৱতি নিশা তেজপুৰ চক বজাৰত সংঘটিত হয় এক ভয়াৱহ অগ্নিকাণ্ড ৷ আৰক্ষীৰ সূত্ৰত জানিব পৰা মতে,অগ্নিকাণ্ডৰ ফলত জুইত জাহ যায় প্ৰায় তিনিখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান ৷ অৱশ্যে বৰ্তমানলৈ অগ্নিকাণ্ডত হোৱা ক্ষয় ক্ষতি জানিব পৰা হোৱা নাই ৷
মাত্ৰ এবছৰ পূৰ্বে তেজপুৰ স্বাভিমান ঐতিহাসিক চক বজাৰখন অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে চাৰখাৰ হৈছিল আৰু দুমাহ পূৰ্বে পুনৰ নিৰ্মাণ কৰি তোলা হৈছিল ৷ ইয়াৰ পাচতেই শনিবাৰে পুৱতি নিশা ইয়াত পুনৰ অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাত অঞ্চলটোৰ সকলো লোক ৰাজপথলৈ ওলাই আহে ।
উল্লেখ্য যে, তেজপুৰ পৌৰসভাৰ এইসমূহ প্ৰতিষ্ঠানৰ সমীপত সন্ধিয়াৰ লগে লগে চলে অবৈধ সুৰা আৰু জুৱাৰ আদ্দা ৷ চহৰৰ মাজমজিয়াত সদৰ থানাৰ সমীপতে চলি থকা এই আড্ডাৰ পৰাই অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি স্থানীয় ৰাইজে অভিযোগ কৰে ৷
ইপিনে তেজপুৰ মিছন চাৰিআলিটো পুৱতি নিশা সংঘটিত হয় আন এক অগ্নিকাণ্ড ৷ মিছন চাৰিআলিৰ ৩৭ ৰাষ্ট্ৰীয় ঘাইপথত অগ্নিদগ্ধ হয় এখন আই-২০ বাহন। ৰাষ্ট্ৰীয় ঘাইপথটোত কলিয়াবৰৰ দিশৰ পৰা অহা এখনে আই-২০ বাহনে টেংকাৰত খুন্দা মৰাৰ ফলত বাহনখন জ্বলি উঠে আৰু সম্পূৰ্ণৰূপে ভস্মীভূত হয় ।