শিলঘাট-ধিং মথাউৰিৰ অতি স্পৰ্শকাতৰ অংশ নলকটাত মথাউৰি মেৰামতিৰ নামত নিম্নমানৰ কাম কৰাৰ লগতে লুণ্ঠন চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে জলসম্পদ বিভাগৰ ঠিকাদাৰৰ বিৰুদ্ধে।
পূৰ্বেও মাথাউৰিটো ছিগি নগাঁও জিলাৰ উত্তৰ অঞ্চল প্লাৱিত কৰা নলকটাৰ অতি গুৰুত্বপূৰ্ণ মাথাউৰিটো সম্প্ৰতি বালিৰে নিৰ্মাণ কৰিছে ঠিকাদাৰে।
মথাউৰিটোৰ নিৰ্মাণৰ ঠিকা লাভ কৰা আবুল নছৰ নামৰ দুৰ্নীতি পৰায়ন ঠিকাদাৰজনে বাৰিষাৰ পূৰ্বে কাম নকৰি বাৰিষা আগমনৰ লগে লগে তৎপৰ হৈ বালিৰে মাথাউৰি নিৰ্মাণৰ কৰাত ব্যস্ত হৈ পৰিছে।
উল্লেখ্য মথাউৰিটোৰ নলকটা অতি স্পৰ্শকাতৰ অংশটোত ওখ আৰু আহল-বহল বিজ্ঞানসন্মতভাৱে ৩ কোটি ২০ লাখ টকা চৰকাৰে আৱণ্টন দিয়াৰ পিছতো ঠিকাদাৰে ভেঙুচালি কৰি লুণ্ঠন চলোৱাৰ পাছতো নগাঁও জিলা জলসম্পদ বিভাগে ৰহস্যজনকভাৱে নিৰ্লিপ্ত ভূমিকা গ্ৰহণ কৰিছে।
আনকি বিভাগটোৰ কাৰ্যবাহী অভিযন্তা, এছ ডি অ আৰু এছ অ’ ই ৰহস্যজনক কাৰণত ঠিকাদাৰ আবুল নছৰক কোনো কথাতে মাত নমতাৰ অভিযোগ উত্থাপিত হৈছে।