কেৰালাত নিৰ্বাচনী গৰম বতাহৰ মাজতে ইডুক্কীৰ প্ৰাক্তন সাসদ জইছ জৰ্জে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে বিতৰ্কিত মন্তব্য প্ৰদান কৰে।
তেওঁ এখন নিৰ্বাচনী সভা সম্বোধন কৰি ক’লে যে, যুৱতীসকলে ৰাহুল গান্ধীৰ পৰা বাচি থাকিব লাগে কাৰণ এতিয়াও তেওঁ অবিবাহিত।
মন্ত্ৰী আৰু CPM নেতা এমএম মণিৰ বাবে নিৰ্বাচনী প্ৰচাৰ চলাই প্ৰাক্তন সাংসদ জইছ জৰ্জে এই মন্তব্য প্ৰদান কৰে।
তেওঁ সম্বোধনৰ সময়ছোৱাত ক’লে যে, ৰাহুল গান্ধী এতিয়াও অবিবাহিত হয় আৰু তেওঁ কেৱল যুৱতীসকলৰ কলেজতহে যায়।
জৰ্জে ক’লে যে, ৰাহুল গান্ধীয়ে সমস্যাৰ সৃষ্টি কৰিব পাৰে আৰু যুৱতীসকলে তেওঁক ভয় কৰিব লাগে।
জইছ জৰ্জে যেতিয়া এই মন্তব্য প্ৰদান কৰি আছিল তেতিয়া কেৰালাৰ শক্তি মন্ত্ৰী মণিও মঞ্চত বহি আছিল আৰু সাংসদগৰাকীৰ এই মন্তব্যত হাঁহি থকা দেখা গৈছিল।
সাংসদগৰাকীৰ এই মন্তব্যৰ পিছতে কংগ্ৰেছ এতিয়া ক্ষুব্ধ হৈ পৰিছে আৰু জইছ জৰ্জৰ বিৰুদ্ধে নিৰ্বাচনী আয়োগত অভিযোগ দাখিল কৰাৰ কথা কয়।
জইছ জৰ্জ ২০১৪ত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে লোকসভা নিৰ্বাচনত বিজয় সাব্যস্ত কৰিছে।
কিন্তু ২০১৯ত নিৰ্বাচনত তেওঁক কংগ্ৰেছৰ প্ৰাৰ্থী ডীন কুৰিকোছে হৰুৱায়।
কংগ্ৰেছে অভিযোগ উত্থাপন কৰিব
কংগ্ৰেছে জইছৰ এই মন্তব্যক মহিলা বিৰোধী বুলি কয় খণ্ডন কৰে।
লগতে ক’লে যে, এনেধৰণৰ মন্তব্যৰে স্পষ্টতা প্ৰকাশ পাইছে যে ৰাজ্যত CPMয়ে নিৰ্বাচনত পৰাজয় বৰণ কৰিব।
আৰু পঢ়কঃ http://smriti-irani-visits-assam-for-election-campaign/
Photo: Google