বৰ্তমান অসমত চলি আছে নিৰ্বাচনৰ গৰম বতাহ।
ইতিমধ্যে প্ৰথম পৰ্যায়ৰ নিৰ্বাচন সমাপ্ত হৈছে আৰু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হব ১ এপ্ৰিলত।
সেয়েহে অসমত চলি থকা নিৰ্বাচনী প্ৰচাৰৰ বাবে অসমলৈ আজি পুনৰ আহিব কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণী।
ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থীৰ বাবে নিৰ্বাচনী প্ৰচাৰলৈ আহিব মন্ত্ৰীগৰাকী।ধুবুৰী আৰু নলবাৰীত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব স্মৃতি ইৰাণীয়ে।
লগতে অসমৰ ভিন্ন স্থানত চলাব দলৰ হৈ নিৰ্বাচনী প্ৰচাৰ।
ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰৰ বাবে বিভিন্ন দলৰ কেন্দ্ৰীয় মন্ত্ৰীসকল অসমলৈ অহা যোৱা কৰিছে।
Photo Credit: google