অসম মটৰ-শ্ৰমিক সংগঠন আৰু পেট্ৰ’লিয়াম মজদুৰ ইউনিয়নৰ প্ৰতিবাদত ৰাজ্যত ব্যাপক প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে। প্ৰায় স্তব্ধ হোৱাৰ দৰে হৈছে যাতায়ত ব্যৱস্থা। অৱশ্যে তাৰ মাজতো পৰিবহন বিভাগৰ অধীনস্থ চৰকাৰী বাছসমূহ চলাচল কৰা পৰিলক্ষিত হৈছে।
উল্লেখ্য যে, কেন্দ্ৰীয় চৰকাৰৰ নতুন আইন ভাৰতীয় ন্যায় সংহিতা-২০২৩ৰ অধীনৰ হিট এণ্ড ৰান গোচৰৰ বিৰোধিতাৰে এইদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাজ্যৰ চালকসকলে। তেওঁলোকৰ দাবী এই নতুন আইন বাতিল কৰক। ইতিমধ্যেই এই আইনক ক’লা আইন আখ্যাৰে মধ্য প্ৰদেশ, মহাৰাষ্ট্ৰ, ছত্তীশগড়, পশ্চিমবংগ, পাঞ্জাৱ আদি ৰাজ্যৰ চালকসকলেও আৰম্ভ কৰিছে প্ৰতিবাদ। চালকসকলে বাছ, ট্ৰাক আদিৰ পৰা নামি গৰাকীৰ হাতত তুলি দিছে বাহনৰ চাবি। এনে পৰিস্থিতিত দেশজুৰি বিভিন্ন সমস্যাৰ সৃষ্টি হৈছে। গেছৰ চিলিণ্ডাৰৰ পৰা আৰম্ভ কৰি অত্যাৱশ্যকীয় বিভিন্ন সামগ্ৰীৰ নাটনিয়েও দেখা দিছে।
গুৱাহাটীত নিশা নৈশ বাছসমূহৰ চলাচল বন্ধ হৈ পৰাত আই এছ বি টিত সৃষ্টি হয় এক অভাৱনীয় পৰিস্থিতি। সেইদৰে পুৱা মহানগৰীৰ প্ৰতিটো বাছ আস্থানতে দেখা গৈছে যথেষ্ট ভিৰ। সমান্তৰালকৈ বন্ধ হৈ পৰিছে কেব সেৱাও। এই প্ৰতিবাদত বৰ্তমানলৈকে কেৱল ট্ৰাক, বাছ আদিৰ চালকসকল নামি পৰিছে যদিও দৰাচলতে এই আইনে কেৱল বাছ, ট্ৰাক আদি চালককে সামৰি নলয়। এই আইনে ব্যক্তিগত, ৰাজহুৱা সকলোধৰণৰ বাহনৰ চালকক সামৰি ল’ব।
দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত এখন বাহনত চালকৰ আসনত যিগৰাকী লোক থাকিব তেওঁ ১০ বছৰ কাৰাদণ্ডৰে দণ্ডিত হোৱাৰ লগতে ৭ লাখ টকা জৰিমণা হিচাপে আদায় দিব লাগিব। নতুন আইনত উল্লেখ থকা অনুসৰি দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছত দুৰ্ঘটনা সংঘটিত কৰা চালকে আহতক হাস্পতাললৈ লৈ যাব লাগিব। কিন্তু দুৰ্ঘটনা এটা সংঘটিত হোৱাৰ পাছত সেই স্থানৰ পৰিৱেশ, পৰিস্থিতিয়ে কি ৰূপ লয় সেয়া সৰ্বজন বিদিত। এনে পৰিস্থিতিত দলবদ্ধ আক্ৰমণ আদিৰ পৰা চালকৰ সুৰক্ষা দিয়াৰ কোনো ব্যৱস্থা এই আইনত কৰা হোৱা নাই। সেয়ে তেওঁলোকে এই প্ৰতিবাদ সাব্যস্ত কৰিছে।